হঠাৎ বন্ধ হ’ল মাজুলী-যোৰহাটৰ দলং নিৰ্মাণৰ কাৰ্য

Share

মাজুলী-যোৰহাটৰ  চলি থকা দলং নিৰ্মাণ কাৰ্যত শ্ৰমিকক প্ৰাপ্য মজুৰীৰ লগতে নিৰ্মাণকাৰী সংস্থাৰ দায়িত্বশীল বিষয়াও বহুদিন ধৰি ছুটী লৈ কৰ্মস্থলীত নথকা অৱস্থাত শ্ৰমিকসকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি। যোৱা এমাহ ধৰি দুই তিনি দিন পাছত শ্ৰমিকক প্ৰাপ্য মজুৰী দিয়াৰ কথা কৈ এতিয়ালৈ দিব নোৱাৰাত আজি  শ্ৰমিকসকলে সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে দলং নিৰ্মাণ কাৰ্য। দলং নিৰ্মাণ কাৰ্য বন্ধ হোৱাক লৈ চিন্তিত হৈ পৰিছে মাজুলীবাসী। ২০২৬ চনৰ ভিতৰতে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ কথা সদৰি কৰিছিল অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যদিও কিন্তু  শ্ৰমিকসকলে কাম এৰি দিয়া হেতুকে এই দলং নিৰ্মাণ কাৰ্য কেতিয়ালৈ সম্পূৰ্ণ হব সেয়া অনাগত দিনত হব লক্ষনীয়।

Leave a Reply

Your email address will not be published. Required fields are marked *