উচ্ছেদক লৈ কঠোৰ স্থিতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Share

বিধান সভাৰ অধিবেশনত হিমন্ত বিশ্ব শৰ্মা কয় যে,বি.জে.পি. চৰকাৰ থকালৈ উচ্ছেদ চলিবই।বটদ্ৰৱাৰ উচ্ছচেদ সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, যাৰ পট্টা নাই তাকহে উচ্ছচেদ কৰিছো ।কংগ্ৰেছে ৭৫ বছৰত পট্টা দিয়া নাছিল ।কংগ্ৰেছে তেওঁলোকক নিৰাপত্তাহীনতাত ৰাখি ৰাজনীতি কৰিছিল ।৭৫ বছৰে পট্টা নিদি এতিয়া বটদ্ৰৱাত গৈ কান্দিছে।আগতেই কান্দিব লাগিছিল ।পট্টা নিদিলে, ভাল স্কুল নিদিলে কংগ্ৰেছে।আৰু মুখ্যমন্ত্ৰীয়ে কয়, আমাক তেওলোকৰ ভোট নালাগে।আমি নিৰ্বাচনী ইস্তেহাৰতে কৈছিলো।মই ডেৰ বছৰতে সকলো কৰিব নোৱাৰো ।বটদ্ৰৱাত যাৰ যাৰ প্ৰকৃত মাটি নাই তেওলোকক মাটি দিবলৈ DC ক কৈছো।যি মাটিত পট্টা নোহোৱা আছে তেওলোকক আমি উচ্ছদ কৰিছো ।গোৱালপাৰাত উচ্ছেদ চলাবলৈ হাই’ৰ্টে নিৰ্দেশ দিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় নামনি অসমৰ মানুহে পৰিয়াল পৰিকল্পনা নকৰিলে ৫০ বছৰৰ পিছত মৰিব লাগিব।ক’ৰ্টে কৈছে মাটি দিয়ক,মই ক’ৰ পৰা মাটি জন্ম দিম?গোৱালপাৰাৰ কংগ্ৰেছৰ বিধায়ক কেইজনে হাইক’ৰ্টত পিটিশ্বন দিয়ক উচ্ছেদ নচলাবলৈ।পিটিশ্বন নিদি পিছত গৈ কান্দি লাভ নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *