দেশৰ ৰাষ্ট্ৰপতিৰ অসম ভ্ৰমণক লৈ মহানগৰ যান বাহন শাখাই জাৰি কৰিছে বিশেষ নিৰ্দেশনা

Share

১৩ অক্টোবৰ/ANA নিউজ ডেস্কঃ দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে আজি অসমলৈ আহিব দেশৰ ৰাষ্ট্ৰপতি দ্ৰোপদী মূৰ্মু।  ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পিছত প্ৰথম বাৰৰ বাবে অসমলৈ আহিব দেশৰ ৰাষ্ট্ৰপতি দ্ৰোপদী মূৰ্মু। দিনৰ ১ বজাত অসমত উপস্থিত হৈ আজি আৰু কালি অসমৰ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব দেশৰ পঞ্চদশ ৰাষ্ট্ৰপতি গৰাকীয়ে। তাৰ মাজতে ৰাষ্ট্ৰপতিৰ অসম ভ্ৰমণক  লৈ মহানগৰ যান বাহন শাখাই জাৰি কৰিছে বিশেষ পথ নিৰ্দেশনা। সেই অনুসৰি ১৩ আৰু ১৪ অক্টোবৰত ১৭ আৰু ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে পুৱা ১০ বজাৰ পৰা নিশা ১০.৩০ বজালৈ ৬ চকীয়া বাহনবা তাতকৈ অধিক চকাৰ মালবাহী বাণিজ্যিক বাহন চলাচল  কৰাৰ নিষেধজ্ঞা জাৰি কৰিছে মহানগৰ যান বাহন শাখাই। 

আনহাতে, ১৪ অক্টোবৰৰ পুৱা ৮ বজাৰ পৰা ১২.৩০ বজালৈ জিডি ৰোড, এটি ৰোড, এম জি ৰোড, কে এল বি ৰোড, তৈয়াবুল্লা ৰোড,  জি এন বি ৰোড, বি বৰুৱা ৰোড, জি এছ ৰোড আৰু পাঞ্জাবাৰী ৰোডত বন্ধ থাকিব সকলো ধৰণৰ  বানিজ্যিক সামগ্ৰী কঢ়িওৱা বাহনৰ চলাচল।

Leave a Reply

Your email address will not be published. Required fields are marked *