চৰাইদেউ মৈদামে লাভ কৰিব বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা

Share

নৱবৰ্ষত ৰাজ্যবাসীৰ বাবে আহিছে এক সু-খবৰ ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২১ জানুৱাৰীত এক সংবাদ মেলৰ জড়িয়তে সদৰি কৰে যে কেন্দ্ৰই আহোম ৰাজ্যৰ চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে মনোনীত কৰিবলে ইউনেস্ক’লৈ প্ৰস্তাৱ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সমগ্ৰ দেশৰ ৫২টা স্থানৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ চৰাইদেউ মৈদামক বাছি লৈছে বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
ইয়াৰ পূৰ্বে ১৬ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ লিখা এখন পত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মৈদামৰ সাংস্কৃতিক ঐতিহ্য ক্ষেত্ৰ-আহোম বংশৰ টিলা-সমাধি ব্যৱস্থাৰ বিশ্ব ঐতিহ্য মনোনয়ন দাখিল কৰিছে ৷ ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপে (এ এছ আই) চৰাইদেউক (অসম) ​​২০২৩ চনৰ চলিত বৰ্ষত মূল্যায়নৰ বাবে ইউনেস্ক’ৰ ওচৰত মনোনয়ন দাখিল কৰিবলৈ প্ৰস্তাৱ আগবঢ়াই ।
ইয়াৰ পূৰ্বে ১০ অক্টোবৰ , ২০২২ তাৰিখে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে এক খচৰা পেৰিছত থকা ইউনেস্ক’ৰ মুখ্য কাৰ্যালয়লৈ প্ৰেৰণ কৰিছিল। ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য সমিতিৰ পৰৱৰ্তী বৈঠকত চৰাইদেউ জিলাৰ সোণাৰি চহৰৰ সমীপৰ চৰাইদেউ মৈদামসমূহক বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ সম্ভৱতঃ বিবেচনাৰ বাবে উত্থাপন কৰা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *