কেন্দ্ৰৰ গেৰুৱা শিবিৰত চলিছে ব্যাপক চৰ্চা । কোন হ’ব বিজেপিৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় সভাপতি । যিহেতু বৰ্তমান ৰাষ্ট্ৰীয় সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰি আছে জগতপ্ৰসাদ নাড্ডা । উল্লেখ্য যে জে.পি নাড্ডাৰ কাৰ্যকাল ২০২৪ চনৰ জানুৱাৰী মাহতে সমাপ্ত হৈছিল যদিও লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নাড্ডাৰ কাৰ্যকাল এবছৰলৈ বৃদ্ধি কৰা হৈছিল । বৰ্তমান এই বিষয়টোৱে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে । গেৰুৱা শিবিৰত কেইবাজনো কেন্দ্ৰীয় নেতাৰ নাম চৰ্চা হৈছে । তাৰ ভিতৰত আছে – শিৱৰাজ সিং চৌহান , ধৰ্মেন্দ্ৰ প্ৰধান , ভূপেন্দ্ৰ যাদৱ , মনোহৰ লাল খাট্টাৰ তাৰ সমান্তৰালভাৱে বৰ্তমানৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ নামো উচ্চাৰিত হৈছে । আনহাতে ১০ ফ্ৰেব্ৰুৱাৰীৰ পৰা ২০ ফ্ৰেব্ৰুৱাৰীৰ ভিতৰত পৰৱৰ্তী ৰাষ্ট্ৰীয় সভাপতিৰ নাম ঘোষণা কৰা হ’ব ।