ওদালগুৰি জিলাত অনুষ্ঠিত মন্ত্ৰীসভা বৈঠকৰ সিদ্ধান্ত

Share

২ এপ্ৰিল,দেওবাৰে ওদালগুৰি জিলাৰ পানেৰীৰ অনুষ্ঠিত হয় অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠক। বৈঠকখনত ৰাজহুৱা সেৱা প্ৰদান নিশ্চতকৰণ, চাহ জনজাতিৰ কল্যান বিভাগৰ নাম সলনি, বিভিন্ন বিভাগৰ নিযুক্তিৰ ফলাফল ঘোষণা আদিকে সিদ্ধান্ত গ্ৰহণ কৰে। অহা ৬ মে’ত  আৰক্ষী বিভাগত ৫,৭৩০ গৰাকী, স্বাহ্য বিভাগত ৫,৭৯৯ গৰাকী, শিক্ষা বিভাগত ১৪,২৪১ গৰাকী আৰু নিযুক্তি আয়োগৰ জৰিয়তে তৃতীয় বৰ্গৰ ১১,৩৪৬ গৰাকী আৰু চতুৰ্থ বৰ্গৰ ১৪,২৮১ গৰাকী প্ৰাৰ্থী মুঠ ৫১,৩৯৭  টা নিযুক্তি পদৰ ফলাফল ঘোষণা হ’ব। 

আনহাতে অসম লোকসেৱা অধিকাৰ অধ্যাদেশ,২০২৩ত অনুমোদন দিয়াৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। এই অধ্যাদেশৰ জৰিয়তে অসম লোকসেৱা অধিকাৰ আইন,২০১৯ সংশোধন কৰি The Assam State Commission for Right to Public Service গঠন কৰা হয়।

কেবিনেট বৈঠকৰ পিছত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল যোগে সদৰি কৰা অনুসৰি ভৈৰৱকুণ্ডত ২০০ কোটি টকা ব্যয় সাপেক্ষ খোৱাপানী প্ৰকল্প, ৫৫ কোটি টকা ব্যয়সাপেক্ষ জিলা ষ্টেডিয়াম , ৮০০ খন আসনযুক্ত প্ৰেক্ষাগৃহ নিৰ্মাণ,ওদালগুৰিত ৰেল’ৱে অভাৰব্ৰীজ নিমাৰ্ণৰ কথাও অৱগত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। 

Leave a Reply

Your email address will not be published. Required fields are marked *