LIC ৰ এই বীমাত বৃহত লাভ , মহিলাসকলৰ বাবে আহিছে বিশেষ অফাৰ  !

Share

ভাৰতীয় জীৱন বীমা নিগমে ইয়াৰ গ্ৰাহকসকলৰ বাবে বিভিন্ন  আঁচনি মুকলি কৰে । যদি আপুনি LIC ত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰি আছে , তেনেহ’লে আপুনি এই ধন ৰেখা বীমাত কৰিব পাৰে । এই পৰিকল্পনাত মহিলাসকলে লাভ কৰিব বিশেষ অফাৰ । ভাৰতীয় জীৱন বীমা নিগমে ইয়াৰ গ্ৰাহকসকলৰ বাবে বিভিন্ন আঁচনি চলায় । তেওঁলোকৰ ভৱিষ্য়ত সুৰক্ষিত কৰিবলৈ , লোকসকলে LIC ত সাধাৰণতে ধন বিনিয়োগ কৰে । তদুপৰি সুৰক্ষা আৰু ৰিটাৰ্ণৰ ক্ষেত্ৰত LIC  অধিক ভাল । যাৰ বাবে লোকসকল ইয়াৰ প্ৰতি আকৰ্ষিত হয় ।

যদি আপুনি LIC ত ধন বিনিয়োগ কৰিব বিচাৰে তেন্তে , আপুনি ইয়াৰ  ধন ৰেখা নীতিত বিনিয়োগ কৰিব পাৰে । যোৱা বছৰ LIC ৰ দ্বাৰা মুকলি কৰা হৈছিল এই নীতি । কিয়নো এইবাৰ LIC  ৰ এই ধন ৰেখা নীতিয়ে মহিলাসকলৰ বাবে লৈ আহিছে বিশেষ ৰেহাই । ধন ৰেখা আঁচনি হৈছে এক অ-সংযোজিত আৰু ব্য়ক্তিগত সঞ্চয় জীৱন বীমা আঁচনি । এই আঁচনিখনত দুই প্ৰকাৰৰ প্ৰীমিয়াম আছে । আপুনি এটা একক  আৰু সীমিত প্ৰীমিয়াম পৰিশোধ বিকল্প বাছনি কৰিব পাৰে । একে সময়তে , মহিলাসকলৰ এই আঁচনিত ধন ৰেখা নীতিৰ প্ৰীমিয়ামৰ হাৰ নিৰ্ধাৰণ কৰা হৈছে । যদি এই বীমাবোৰ মহিলাৰ নামত লোৱা হয় তেন্তে প্ৰীমিয়ামৰ হাৰ কমি যায় । লগতে এই আঁচনিৰ ম্য়াদ উকলি নোযোৱাৰ সময়লৈকে যদিহে ধন বিনিয়োগকাৰীৰ মৃত্য়ু হয় তেন্তে তেওঁৰ পৰিয়াললৈ এই ধন ৰেখা বীমাৰ জৰিয়তে আৰ্থিক সাহায্য়  প্ৰদান কৰা হয় ।

Leave a Reply

Your email address will not be published. Required fields are marked *