ৰাজ্যত বানে লৈছে সংহাৰী ৰূপ

Share

২৪ ঘন্টা ত লুইতৰ কালৰূপ।ৰাজ্যত বানে লৈছে সংহাৰী ৰূপ। নেৰানেপেৰা বৰষুণৰ ফলত উফন্দি উঠিছে ব্ৰহ্মপুত্ৰ।বিপদ সীমাৰ ওপৰেৰে বৈ গৈছে ব্ৰহ্মপুত্ৰ।ব্ৰহ্মপুত্ৰৰ বানে চিগি নিলে বহু ঠাইৰ মথাউৰি। বানত বুৰিছে বিস্তীর্ণ অঞ্চল। বহু কেইখন গাঁৱৰ লোকৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি। 

বছৰৰ প্ৰথমটো বানত প্লাবিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।কাৰ্বি পাহাৰলৈ ধাপলি মেলিছে জীৱ-জন্তু। লগতে মাজুলীত ভয়াৱহ বানত বুৰ গৈছে ৫২ খন গাঁও। ফলত নৈ পৰীয়া গাঁও সমূহত হাহাকাৰ ৰাইজৰ। ফলত বন্ধ কৰি দিয়া হৈছে মাজুলীৰ ফেৰী সেৱা।

আনহাতে কৃত্রিম বানৰ কবলত ডিব্ৰুগড় চহৰ। চহৰখনৰ ২২ টা ৱাৰ্ডেই পানীৰ তলত। গহপুৰৰ দক্ষিণাঞ্চলত,নুমলিগড়ত বুৰিল বহু কেইখন গাঁও। লগতে অপৰিবৰ্তিত তিনিচুকীয়া ৰ বান পৰিস্থিতি। প্লাবিত নতুন ৰঙাগড়া, নতুন গাওঁ, গুইজান, বাৰেকুৰিকে ধৰি বিভিন্ন অঞ্চল। ইফালে অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণৰ বাবে দ্ৰুতগতিত বৃদ্ধি সোৱণশিৰি নদীৰ জলপৃষ্ঠ। লক্ষ্মীমপুৰ জিলা প্ৰশাসনলৈ সতৰ্ক বাণী NHPC ৰ। বিগত এসপ্তাহে হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি লুইতৰ জলস্তৰ।       

Leave a Reply

Your email address will not be published. Required fields are marked *