ভয়াবহ ৰাজধানী দিল্লীৰ পৰিৱেশ

Share

অধিক ভয়াৱহ হোৱা দেখা গৈছে ৰাজধানী দিল্লীৰ পৰিৱেশ।ক্ৰমা९ জটিল হৈ পৰিছে দিল্লীৰ জনজীৱন ।চাৰিওফালে কেৱল ধোৱাময় পৰিৱেশ।দিপাৱলীৰ পিছতে দিল্লীৰ  (AQI) ৰ গুণগত মান ৪০০ৰো অধিক বৃদ্ধি পাইছে। (AQI )ৰ মান বিপজ্জনক হোৱা মানেই জনসাধাৰনৰ স্বাস্থ্যত প্ৰভাৱ পৰাটো নিশ্বিত । উশাহ ল’বলৈ বিশুদ্ধ বায়ু বিচাৰি হাহাকাৰ কৰিছে দিল্লীবাসীয়ে।সেয়েহে বিশেষজ্ঞসকলে বায়ু প্ৰদূষণৰ স্বাস্থ্যজনিত বিপদৰ বিষয়ে সকীয়াই দিয়াৰ লগতে বিশ্বব্যাপী জৰুৰী ব্যৱস্থা গ্ৰহণৰ আহ্বান জনোৱাৰ লগতে COP29 ত দিল্লীৰ বিপজ্জনক বায়ুৰ গুণাগুণৰ ওপৰত গুৰুত্ব আৰোপ কৰাতো প্ৰয়োজনীয় বুলি কয়। ক্লাইমেট ট্ৰেণ্ডছৰ সঞ্চালক আৰতি খোছলাই কয় যে দিল্লীৰ বায়ুৰ গুণাগুণ সূচকাংক (AQI) বিপজ্জনক মাত্ৰাত উপনীত হৈছে ৷ কিছুমান অঞ্চলত প্ৰতি ঘনমিটাৰত ১০০০ মাইক্ৰ’গ্ৰামতকৈ অধিক প্ৰদূষিত কণা ৰেকৰ্ড কৰা হৈছে । তেওঁ কয় যে প্ৰদূষিত কণা বহু উৎসৰ পৰা আহে যেনে ক’লা কাৰ্বন, অ’জন, জীৱাশ্ম ইন্ধন জ্বলোৱা আৰু পামৰ জুই । আমাক এনে সমাধানৰ প্ৰয়োজন যিয়ে এই সকলোবোৰৰ সৈতে মোকাবিলা কৰিব পাৰে । এই বায়ুপ্ৰদূষণৰ ফলত শ্বাস-প্ৰশ্বাস জনিত ৰোগ ,হাওঁফাওঁৰ ক্ষমতা হ্ৰাস আদিৰ দৰে বিভিন্ন ৰোগ হ’ব পাৰে  । সেয়েহে এই পৰিস্থতিৰ বাবে শেহতীয়াকৈ দিল্লীৰ অন্য শ্ৰেণীবোৰৰ লেখীয়াকৈ দশম আৰু দ্বাদশ শ্ৰেণীৰো স্কুল বন্ধ ঘোষণা কৰিছে ৷ সকলো শ্ৰেণীৰে অনলাইন পাঠদান হ’ব বুলি দিল্লী চৰকাৰে ঘোষণা কৰিছে ৷এই বায়ুপ্ৰদূষণে আৰু জনজীৱনৰ মাজত কেনে পৰিস্থিতি সৃষ্টি ই অতি চিন্তনীয় বিষয় হৈ পৰিব।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *