অসম ক্ৰিকেট সন্থাই ক্ৰিকেটৰ আন্তঃগাথঁনিৰ উন্নয়নত বিশেষ প্ৰশিক্ষণ প্ৰদান কৰিছে

Share

গুৱাহাটী,২৭ নৱেম্বৰঃঅসম ক্ৰিকেট সন্থাই ক্ৰিকেটৰ আন্তঃগাথঁনি উন্নয়নৰ লগতে খেলুৱৈসকলক বিশেষ প্ৰশিক্ষণ দিয়াৰ ওপৰত দিছে বিশেষ গুৰুত্ব।২০১৯ চনতেই অসম ক্ৰিকেট সন্থাৰ সাধাৰণ সম্পাদক দেৱজি९ শইকীয়াই সিদ্ধান্ত লৈছিল যে অসমৰ প্ৰায় সকলো জিলাতে অকল ক্ৰিকেট খেলিব পৰাকৈ এখন খেলপথাৰ নিৰ্মাণ কৰিব লাগে।এতিয়া এই প্ৰচেষ্টা প্ৰায় সফল হৈছে বুলি মন্তব্য কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ বৰ্তমানৰ যুটীয়া সচিব দেৱজি९ শইকীয়াই।গুৱাহাটীৰ দক্ষিণ বনগাঁও খেলপথাৰত অৱস্থিত বেলতলা ক্ৰিকেট ক’চিং চেন্টাৰৰ প্ৰথম বৰ্ষপূৰ্তি পালনত এই কথা সদৰি কৰে ক্ৰীয়া সন্থাৰ সাধাৰণ সম্পাদক দেৱজি९ শইকীয়াই।ইয়াৰোপৰি তেওঁ উল্লেখ কৰে যে ৰাজ্যৰ ভিন্ন প্ৰান্তত ২৩খনকৈ উন্নতমানৰ ক্ৰিকেট খেলপথাৰ নিৰ্মাণ কৰি উলিয়াইছে অসম ক্ৰিকেট সন্থাই।

ইয়াৰোপৰি তেওঁ উল্লেখ কৰে যে ৰাজ্যৰ ভিন্ন প্ৰান্তত ২৩খনকৈ উন্নতমানৰ ক্ৰিকেট খেলপথাৰ নিৰ্মাণ কৰি উলিয়াইছে অসম ক্ৰিকেট সন্থাই।আনহাতে,বৰ্তমান অসম আৰু ঘৰুৱা ক্ৰিকেটত উজলি আছে ৰিয়ান পৰাগ।কেৱল ৰিয়ানেই নহয়,বিগত মুস্তাক আলী,আকাশ সেনগুপ্তা,ঋষভ দাস,মৃণ্ময় দত্তৰ দৰে খেলুৱৈৰ প্ৰদৰ্শনে অসমৰ ক্ৰিকেটলৈ আনিছে সুনাম।ইয়াৰ আঁৰত আছে অসমত সৃষ্টি হোৱা ক্ৰিকেটৰ আন্তঃগাঁথনি তথা উন্নত প্ৰশিক্ষণৰ ব্যৱস্থা।

Leave a Reply

Your email address will not be published. Required fields are marked *