সদৌ অসম আইন ছাত্ৰ সন্থাই ৰাজ্যত গঢ় লৈ উঠা অবৈধ ভুৱা ট্ৰেডিঙৰ সন্দৰ্ভত পোন প্ৰথমে পোহৰলৈ আনিছিল কেতবোৰ ভয়ঙ্কৰ অভিযোগ, আইন ছাত্ৰ সন্থাৰ অভিযোগ সত্য প্ৰমানিত কৰি ইতিমধ্যে শ শ কোটি টকা লুণ্ঠন কৰিৱ পলায়ন কৰিছে YBY নামৰ এটি প্ৰতিষ্ঠান। ইতিমধ্যে কেইবাটাও এনে ট্ৰেডিঙৰ ওপৰত গোচৰ তৰিছে আইন ছাত্ৰ সন্থাই। আজি CID আৰু অসম পুলিছৰ CYBER CELL এ YBY ৰ ওপৰত নিজাববীয়া গোচৰ ৰুজু কৰাত আদৰনী জনাইছে সদৌ অসম আইন ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি সঞ্জীৱ বৰাই।