শিশুকেইটাৰ দুখ- কষ্টৰ বিষয়ে অৱগত হৈয়ে হৈ পৰিল আবেগিক! অজ্ঞাত লোকসকলে ২ কোটিতকৈও দিলে অধিক টকা , কিন্তু কিয় ? 

Share
ডিজিটেল ডেস্ক, ২৪ মে’ঃ চাৰিটা শিশুৰ কাহিনী । মাত্র ছয় মাহৰ ব্যৱধানত পিতৃ-মাতৃক হেৰুৱাইছিল চাৰিজন ভাতৃয়ে । পিতৃ-মাতৃক হেৰুওৱা এই শিশুসকলৰ কাহিনী জনাৰ পিছত আৱেগিক হৈ পৰিছিল মানুহবোৰ । কিয়নো , পিতৃ-মাতৃৰ মৃত্যুৰ পাছত ৫ বছৰীয়া ক’নৰ ক্লিফফৰ্ড , ৮ বছৰীয়া এণ্ড্রিট ,১৪ বছৰীয়া জেক আৰু ২১ বছৰীয়া পেট্রিকৰ বাবে তেওঁলোকৰ পিতৃ-ভাতৃৰ মৃত্যু আছিল অসহনীয় ।তাৰ পাছতে, ক্রাউড ফাণ্ডিংৰ জৰিয়তে , হৃদয়বান লোকসকলে অসহায় হৈ পৰা শিশুকেইটিৰ বাবে আগবঢ়ালে সহায় , যাৰ বাবে প্রায় ২ কোটি ৮৫ লাখ লাখ টকা সংগ্ৰহ কৰিছিল ।তদুপৰি, সহায় কৰা লোকসকলে এইটোও কৈছিল যে , শিশুসকলৰ দুখ – কষ্ট সহিব নোৱাৰি ।
‘দা মিৰৰ’ য়ে যুগুত কৰা এক প্রতিবেদন অনুসৰি , আয়াৰলেণ্ডৰ লোকসকলে এই শিশুকেইটিৰ বাবে টকা সংগ্ৰহ কৰা কাম আৰম্ভ কৰিলে। যাতে এই শিশুকেইটিয়ে সেই ঘৰটোতে থাকিব পাৰে য’ত তেওঁলোকে পূৰ্বতে বাস কৰিছিল ।এই শি‌শুকেইটিৰ মাতৃ আইলিন ক্লিফৰ্ডৰ জন্মদিনৰ ঠিক এদিন আগতে ২০২১ চনৰ ২৪ আগষ্ট তাৰিখে কৰ্কট ৰোগত আক্রান্ত হৈ থকা সময়তে মৃত্যুক আকোঁৱালি লৈছিল ।ঠিক তেনেতে , মাত্র কেইটামান সপ্তাহৰ পাছতে তেওঁৰ ৪৬ বছৰীয়া স্বামী পাদ্রেগও অসুস্থ হৈ পৰে  আৰু কৰ্কট ৰোগত আক্রান্ত হৈ জানুৱাৰীত মৃত্যু ঘটে । এনেদৰেই পিতৃ-মাতৃহাৰা হৈ পৰিছিল এই শিশুকেইটা । যাৰ বাবে এই বেদনাদায়ক কাহিনীটো শুনি বহু মানুহৰ মন আবেগেৰে ভৰি পৰিছিল ।এইখিনিতে , পুঁজি সংগ্ৰহ কৰা মেৰী হেইছে কৈছিল যে মিলটাইন (আয়াৰলেণ্ড ) ত বাস কৰা বহুলোকে বিশ্বাস নকৰে যে এনেধৰণৰ কিবা ঘটিব পাৰে ।কিন্তু হৃদয়বান লোকসকল আগবাঢ়ি আহিছিল আৰু এই শিশুসকলক যিমান সম্ভৱ সহায় কৰিছিল ।

Leave a Reply

Your email address will not be published. Required fields are marked *