২০২২ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা সম্পূৰ্ণ পাঠ্যক্ৰমেৰে হ’ব

Share

সুপ্ৰিয়া তৰফদাৰ, ৭ অক্টোবৰঃ  কৰোনাকালীন পৰিস্থিতিৰ বাবে ৰাজ্যত ২০২১ বৰ্ষত উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বাৰ্ষিকৰ পৰীক্ষা অনুষ্ঠিত ন’হল। যাৰ ফলত বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় শিক্ষাৰ্থীসকলে। শেষত বিকল্প মূল্যায়ন পদ্ধতিৰে চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছিল অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে। আগন্তুক ২০২২ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ সিদ্বান্ত গ্ৰহণ কৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে। এই সিদ্ধান্ত অনুসৰি উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ সম্পূৰ্ণ পাঠ্যক্ৰম শেষ হোৱাৰ পিছতহে চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ’ব।

এই সৰ্ম্পকত বুধবাৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিবে এ এইচ এছ ই চি/এ চি এ/ চি আই আৰ/১৪৪/৯৯/ বি-১১১ নম্বৰৰ এখন পত্ৰযোগে শিক্ষানুষ্ঠানৰ অধক্ষ্য আৰু বিশ্ববিদ্যালয়ৰ পজ্ঞীয়কসকললৈ নিৰ্দেশনা প্ৰেৰণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *