চৰকাৰী লগতে প্ৰাদেশীকৃত মাধ্যমিক বিদ্যালয়ৰ স্নাতকৰ আৰু স্নাতকোত্তৰ বিষয়ৰ শিক্ষাৰ পদৰ বাবে ২৯ ডিচেম্বৰত অনুষ্ঠিত হ’বলৈ গৈ আছে টেট নিযুক্তি পৰীক্ষা।হেজাৰ হেজাৰ আবেদনকাৰীৰ অপেক্ষাৰ ফলত অৱশেষত মাধ্যমিক শিক্ষা সঞ্চালকালয়ে বৃহস্পতিবাৰে পৰীক্ষাৰ দিন ঘোষণা কৰে।ইয়াৰ লগতে সঞ্চালকালয়ে এই সন্দৰ্ভত ঘোষণা কৰা নিৰ্দেশনা অনুসৰি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে আবেদনকাৰী প্ৰাৰ্থীসকলে ১৫ ডিচেম্বৰৰ পুৱা ১১ বজাৰ পৰা madhyamik.assam.gov.in ৱেবছাইটৰ জৰিয়তে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব।নিৰ্দেশনা থকা অনুসৰি ২৯ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া লিখিত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে প্ৰাৰ্থীসকলে এডমিট কাৰ্ডৰ লগতে পানকাৰ্ড,আধাৰকাৰ্ড চালকৰ অনুজ্ঞাপত্ৰ ভোটাৰ আই ডি আদি যিকোনো ফটোযুক্ত পৰিচয়পত্ৰ দেখুওৱাৰ লগতে এডমিট কাৰ্ডত জড়িত হৈ থকা নিয়মসমূহ মানি চলিব লাগিব।আনহাতে টেট তথা নিযুক্তি পৰীক্ষাত প্ৰাৰ্থীসকলে ১৫ নম্বৰৰ দশম শ্ৰেনীৰ পৰ্যায়ৰ প্ৰশ্নৰো উত্তৰ কৰিব লাগিব।পূৰ্বত মাধ্যমিক শিক্ষা সঞ্চালকালয়ে প্ৰকাশ কৰা ১৪০ নম্বৰ ছিলেবাছত গণিতৰ প্ৰশ্ন অন্তৰ্ভুক্ত হোৱা নাছিল। কিন্ত এই সন্দৰ্ভত সঞ্চালকালয়ে নতুনকৈ জাননী জাৰি কৰি দিছিল ছিলেবাছৰ ১৪০ নম্বৰৰ ভিতৰত অনান্য বিষয়ৰ লগতে ১৫ নম্বৰৰ গণিতৰ প্ৰশ্ন থাকিব বুলি প্ৰকাশ কৰিছে।আনহাতে উল্লেখযোগ্য যে মাধ্যমিক শিক্ষা সঞ্চালকালয়ে পূৰ্বে ৮,২৩০ টা স্নাতক শিক্ষক আৰু ১,৪৮৭টা স্নাতকোত্তৰ বিষয় শিক্ষক পদৰ বাবে বি়জ্ঞাপন প্ৰকাশ কৰিছিল।এই বিজ্ঞাপনৰ ভিত্তিতে আবেদন কৰা প্ৰাৰ্থীসকলৰ বাবে সঞ্চালকালয়ে ২৯ ডিচেম্বৰত টেট তথা নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু হৈ উঠিছে।