ৰাজ্যত আৰম্ভ হৈছে টেট বিতৰ্ক

Share

ছাদ্দাম হুছেইন, 20 চেপ্তেম্বৰঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে প্ৰথম বাৰৰ বাবে ৰাজ্যত অনুষ্ঠিত কৰিবলৈ লৈছে টেট পৰীক্ষা। ২৪ অক্টোবৰত ৰাজ্যজুৰি অনুষ্ঠিত হব নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ বাবে টেট পৰীক্ষা। ৰাজ্যৰ সংখ্যালঘু অধ্যুষিত নামনি অসমৰ ছয়খন জিলাত টেট পৰীক্ষাৰ বাবে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে কোনোধৰণৰ টেট পৰীক্ষা কেন্দ্ৰ স্থাপন নকৰাক লৈ নামনি অসমত সৰ্বত্ৰ বিতৰ্কৰ সৃষ্টি হৈছে।

যোৱা ১৪ চেপ্তেম্বৰ তাৰিখে ৰাজ্যৰ শিক্ষা বিভাগে টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ বিজ্ঞাপন প্ৰকাশ কৰিছিল। ৰাজ্যৰ ২৭ খন জিলাতেই পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে ঘোষণা কৰিছে পৰীক্ষা কেন্দ্ৰৰ নামৰ তালিকা কিন্তু এই তালিকাত নাম নাই নামনি অসমৰ চাৰিখন জিলা ক্ৰমে- গোৱালপাৰা, ধুবুৰী, দক্ষিণ শালমাৰা, বৰপেটা, আৰু বৰাক উপত্যকাৰ কৰিমগঞ্জ আৰু হাইলাকান্দি।

এই বিষয়ক কেন্দ্ৰ কৰি মানকাচৰৰ AIUDF বিধায়ক আমিনুল ইছলামে সংবাদমেল যোগে চৰকাৰৰ বিৰুদ্ধে যথেষ্ট সৰৱ হোৱা পৰিলক্ষিত হয়। লগতে কয় যে চৰকাৰে ধৰ্মৰ ভিত্তিত টেট অনুষ্ঠিত কৰিব বিছাৰিছে, আৰু শিক্ষা বিভাগক কটাক্ষ কৰি কয় যে সময় থাকোতে এই জিলা সমুহত টেট পৰীক্ষা কেন্দ্ৰ স্থাপন নকৰিলে আমি আইনৰ দ্বাৰস্থ হম।

আনহাতে বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত মন্তব্য কৰে যে কভিড পৰিস্থিতিৰ বাবে টেট পৰীক্ষাৰ চেন্টাৰৰ সংখ্যা হ্ৰাস কৰা হৈছে। মুখ্যমন্ত্ৰী গৰাকীৰ এই মন্তব্যক তীব্ৰ কটাক্ষ কৰি বিৰোধী কংগ্ৰেছ দলে কয় যে এই জিলাসমুহত বিজেপি মিত্ৰজোঁটৰ এজনো বিধায়ক নথকাৰ বাবে চৰকাৰে এই ষড়যন্ত্ৰ কৰিছে, কেৱল মুছলমানক টাৰ্গেট কৰিছে নেকি।

ঘটনাটো সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে দেশী জনগোষ্ঠীয় মঞ্চ,অসমে। পৰীক্ষা কেন্দ্ৰ নিদিয়া জিলা কেইখনত চৰকাৰে এক পক্ষপাতদুষ্ট নীতি গ্ৰহণ কৰি পৰীক্ষাৰ্থীৰ প্ৰতি চড়ম অন্যায় কৰা বুলি মন্তব্য আগবঢ়ায় সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি শ্বেখ হেদায়েতুল্লাই।

Leave a Reply

Your email address will not be published. Required fields are marked *