অভয়াপুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, এখন ট্ৰাকে মহতিয়াই নিলে স্কুটী আৰোহীক

Share
ডিজিটেল ডেস্ক, ১৫ ফেব্রুৱাৰিঃ সোমবাৰে নিশা অভয়াপুৰীৰ সোণাখুলিত সংঘটিত হ’ল ভয়ংকৰ পথ দুৰ্ঘটনা। এখন ইটা কঢ়িওৱা ট্ৰাকে মহতিয়াই নিলে এজন বাইক আৰোহীক। থিতাতে নিহত হয় বাইক আৰোহীজন। নিহত লোকজন উত্তৰ শালমাৰা উজানপাৰাৰ শিৱচৰণ ৰায় বুলি জানিব পৰা গৈছে। বিপৰীতমুখী ট্ৰাক এখন অহাৰ সময়তে নিয়ন্ত্রণ হেৰুৱাই বাগৰি পৰে দুজন স্কুতি আৰোহী। স্কুতিৰ পিছত বহি অহা শিৱচৰণ ৰায় পথৰ ওপৰতে বাগৰি পৰাত ট্ৰাকে মহতিয়াই নিয়ে। আনগৰকী স্কুতি আৰোহী সৌভাগ্যক্রমে ৰক্ষা পৰে বুলি জানিব পৰা গৈছে। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ট্ৰাক চালকজন। দুৰ্ঘটনাৰ পিছতেই ঘটনাস্থলীত বৰঘোলা আৰক্ষী উপস্থিত হৈছে। 

Leave a Reply

Your email address will not be published. Required fields are marked *