এইবেলি দূৰ্গা পূজাক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে প্ৰতিবেশী ৰাষ্ট্ৰ বাংলাদেশত । হিন্দুক দূৰ্গা পূজা পতাৰ পৰা বিৰত থকাৰ হুংকাৰ দিছে মৌলবাদী সংগঠণে । পদত্যাগী প্ৰধানমন্ত্ৰী শেখ হাছিনা চৰকাৰৰ পতনৰ পিছতে ৰাষ্ট্ৰখনত উত্তপ্ত পৰিস্থতিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰা দেখা গৈছে । বিগত সময়ছোৱাত বিতৰ্কই গা নেৰা হৈছে বাংলাদেশত । বিশৃংখল পৰিৱেশে শান্তি ভংগ কৰা পৰিলক্ষিত হৈছে । একাংশ মৌলবাদী সংগঠণে জাৰী কৰিছে । দূৰ্গা পূজা অনুষ্টিত কৰা , প্ৰতিমা বিসৰ্জন দিয়াত নিষেধাজ্ঞা আৰোপ কৰিছে বাংলাদেশত । কোনো হিন্দুক ছুটী দিয়া নহ’ব । ইতিমধ্যে তাৎক্ষণিক প্ৰতিক্ৰিয়া দিয়া দেখা গৈছে । ইয়াৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছে সংখ্যালঘু হিন্দুৱে । বিগত সময়ছোৱাত বাংলাদেশত হিন্দুক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল । বৰ্তমানো এই বিষয়টোক লৈয়ে বাংলাদেশত চলি আছে উত্তেজনা ।