ক্ৰীড়াজগতত উজ্বলিল টীম অষ্ট্ৰেলিয়া

Share

২০২৩ চনৰ এদিনীয়া বিশ্বকাপ ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হোৱাৰ পিছতে পুনৰ অষ্ট্ৰেলিয়াৰ হাতত পৰাজয় বৰণ  টীম ইণ্ডিয়াৰ। দেওবাৰে এদিনীয়া খেলত নামি পৰিছিল ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়া দলে। পুনৰ অষ্ট্ৰেলিয়া দলৰ হাতত পৰাজয় বৰণ কৰিলে ভাৰতে।স্কৰ বৰ্ডত ৩ ৰাণ হওতেই প্ৰথমটো উইকেট শেষ হৈছিল অৰ্শিন কুলকাৰ্ণিৰৰ ।তাৰ পাছতেই ৪০ ৰানত দ্বিতীয়টো উইকেট শেষ কৰিয়ে  পৰাজয়ৰ উমান পাইছিল ভাৰতীয়  ক্ৰিকেট দলে। ফলত অসহায় হৈ পৰা ভাৰতীয় ক্ৰিকেট দলটোৰ মাজৰে মুৰুগান পেৰোমল অভিষেকে  খেলখনৰ শেষৰফালে ৪২ ৰান কৰে যদিও ভাৰতীয় দলটোৰ জয় লাভৰ বাবে সেইখিনি ৰানে যথেষ্ট নাছিলে।  ভাৰতীয় দলে অষ্ট্ৰেলিয়াই ধৰি দিয়া ২৫৪ ৰাণৰ লক্ষ্য অতিক্ৰম কৰিবলৈ গৈ অষ্ট্ৰলিয়াৰ হাতত পৰাজয় বৰণ কৰে ভাৰতীয় দলে।অৱশেষত ৭৯ ৰাণৰ ব্যৱধানত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হল টীম ইণ্ডিয়া।২০১০ চনত প্ৰথমটো খিতাপ লাভ কৰাৰ পিছতে দেওবাৰে চতুৰ্থটো খিতাপ অৰ্জন কৰে টীম অষ্ট্ৰেলিয়াই। মাহলী বিয়াৰ্ডমেনে খেলখনত প্ৰথমবাৰৰ বাবে ভাৰতৰ অধিনায়ক উদয় ছাহাৰানক আউট কৰে। উদয় আৰু মুছীৰৰ গুৰুত্বপূৰ্ণ উইকেট লাভ কৰি ৭ অভাৰত ৩- ১৫ ৰান সংগ্ৰহ কৰি অষ্ট্ৰেলিয়াৰ হৈ তাৰকা হিচাপে পৰিগণিত হয় মাহলি।ভাৰতে ১৭৮ ৰানত বাণ্ডল আউট হয়।  

Leave a Reply

Your email address will not be published. Required fields are marked *