গণিত আৰু বিজ্ঞানৰ পাঠদান ইংৰাজীত বাধ্যতামূলক নহয়ঃপীয়ুষ হাজৰিকা

Share

নিউজ ডেস্কঃৰাজ্য চৰকাৰে তৃতীয় শ্ৰেণীৰ পৰা বিজ্ঞান আৰু গণিত বিষয়ো ইংৰাজীত পঢ়ুওৱা হব বুলি লোৱা সিদ্ধান্তৰ পাছতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছিল। তাৰ পাছতেই ১৬ আগষ্টত ৰাজ্যৰ জলসম্পদ তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই গুৱাহাটীত বৈদ্যুতিক মাধ্যম আৰু বাতৰিকাকতৰ কাৰ্যবাহী সম্পাদক, সম্পাদকৰ লগতে জ্যেষ্ঠ সাংবাদিকসকলৰ এক আলোচনাত মিলিত হয়।

মন্ত্ৰী পীয়ুষ হাজৰিকাই এই আলোচনাত কয় যে, ” চৰকাৰে ছাত্ৰ-ছাত্ৰী সকলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই দুয়োটা বিষয়ৰ শিক্ষা ইংৰাজীত প্ৰদানৰ কথা ভাবিছে। কিন্তু, এয়া বাধ্যতামূলক নহয়। ইংৰাজীৰ বিকল্প হিচাপে ছাত্ৰ- ছাত্ৰীসকলে ইচ্ছা কৰিলে অসমীয়া ভাষাতো শিক্ষা গ্ৰহণ কৰিব পাৰিব। যিসকলে এই বিষয়ৰ ওপৰত বিৰোধিতা কৰিছে তেওঁলোকৰ বহুসংখ্যকৰে সন্তানে অসমীয়া মাধ্যমত পঢ়া নাই। আজিৰ তাৰিখত ধনী লোকসকলৰ সন্তানে চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰাৰ বিপৰীতে দুখীয়া লোকসকলৰ সন্তানে চৰকাৰী বিদ্যালয়সমূহত অধ্যয়ন কৰি আছে। এনেদৰে হ’লে জাতি ৰক্ষা নহয়। অসমীয়া মাধ্যমত অধ্যয়ন কৰা সকলেও ভালদৰে ইংৰাজী জানিব লাগিব।

আনহাতে, ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহতো যাতে অসমীয়া ভাষাৰ শিক্ষা সঠিকভাৱে প্ৰদান কৰে, সেই ক্ষেত্ৰতো চৰকাৰে গুৰুত্ব দিছে। চৰকাৰী বিদ্যালয়সমূহৰ আন্ত: গাঁথনিৰ উন্নয়নতো চৰকাৰে কাম কৰি আছে ।উল্লেখ্য যে এই আলোচনাত মন্ত্ৰী গৰাকীয়ে সাংবাদিকসকলৰ বিভিন্ন সমস্যা সম্পৰ্কেও আলোচনা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *