শিক্ষকে কেৱল শিক্ষিতই নকৰে, জীৱনো সলনি কৰেঃনৰেন্দ্ৰ মোদী

Share

নিউজ ডেস্কঃ ৫ ছেপ্টেম্বৰ শিক্ষক দিৱসত নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় শিক্ষক বঁটা লাভ কৰা শিক্ষক সকলৰ লগত ভাব আদান-প্ৰদান কৰে। প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, “আমাৰ ৰাষ্ট্ৰীয় শিক্ষানীতি বিশ্বজুৰি প্ৰশিক্ষিত হৈছে। শিক্ষা পৰিস্থিতিতন্ত্ৰ শক্তিশালী কৰাত ভাৰত কেনেদৰে সঠিক পথত আগবাঢ়িছে বিশ্বই দেখিছে। এই নীতি তৈয়াৰ কৰাত শিক্ষক-শিক্ষয়িত্ৰীয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। ভাৰত ‘অমৃত কালত’ ২০৪৭ চনলৈ কেনে হ’ব সেই কথাৰ সিদ্ধান্ত ল’ব যুৱক-যুৱতীসকলে আৰু এই যুৱ শক্তিক প্ৰস্তুত কৰাৰ দায়িত্ব শিক্ষক শিক্ষয়িত্ৰীসকলৰ। সফল শিক্ষক হৈছে সেইজন, যিজনৰ বাবে সকলো শিক্ষাৰ্থী সমান। “

আনফালে  সোমবাৰে শিক্ষক দিৱসত দিল্লীৰ বিজ্ঞান ভৱনত ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দেশৰ ৪৬ গৰাকী শিক্ষক শিক্ষয়িত্ৰীক ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদান কৰে। ৰাষ্ট্ৰপতি গৰাকীয়ে কয় যে, ” বৰ্তমানৰ অৰ্থনীতিত বিজ্ঞান, গৱেষণা আৰু উদ্ভাৱন হৈছে বিকাশৰ আধাৰ। এই ক্ষেত্ৰবোৰত ভাৰতৰ স্থিতি অধিক শক্তিশালী কৰিবলৈ ভেটি স্কুলীয়া শিক্ষাৰ দ্বাৰা নিৰ্মাণ হ’ব। মোৰ দৃষ্টিত বিজ্ঞান, সাহিত্য আৰু সমাজ বিজ্ঞানত মৌলিক প্ৰতিভাৰ বিকাশ মাতৃভাষাৰ দ্বাৰা অধিক ফলদায়ক হ’ব পাৰে। শিক্ষাৰ্থীৰ মনত বিজ্ঞান আৰু গৱেষণাৰ প্ৰতি আগ্ৰহ বঢ়োৱাৰ দায়িত্ব শিক্ষক-শিক্ষয়িত্ৰীৰ। “

Leave a Reply

Your email address will not be published. Required fields are marked *