সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত আজি শুনানি

Share

অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে সোমবাৰে শুনানি গ্ৰহণ কৰিব।  সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক প্ৰত্যাহ্বান জনাই দাখিল কৰা সকলো আবেদনৰ শুনানি আজি উচ্চতম ন্যায়ালয়ত সম্পন্ন হ’ব।

বিগত সপ্তাহত ৰাজ্যৰ বিভিন্ন বিৰোধী ৰাজনৈতিক দলৰ  ১০ জন নেতাই সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত যৌথভাৱে দাখিল কৰিছিল লিখিত আবেদন। ইয়াৰ দুদিন পূৰ্বে মৌখিক শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে ২৪ জুলাইত সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক প্ৰত্যাহ্বান জনোৱা শুনানিৰ দিন ধাৰ্য কৰিছিল। উল্লেখযোগ্য যে, জ্যেষ্ঠ অধিবক্তা কপিল ছিব্বালে সমগ্ৰ প্ৰক্ৰিয়াটো মুখ্য ন্যায়াধীশৰ বিচাৰপীঠৰ সন্মুখত মৌখিকভাৱে দাঙি ধৰিছিল।

ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত দেওবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে। প্ৰায় ৪৫ মিনিট সময় দুয়োগৰাকী নেতাই আলোচনাত মিলিত হয়।  মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাকো সাক্ষাৎ কৰি বিষয় সন্দৰ্ভত বুজ লয়।

Leave a Reply

Your email address will not be published. Required fields are marked *