লিভ-ইন সম্পৰ্কৰ বাবে প্ৰেৰণ কৰা গাইড লাইন সম্পৰ্কীয় আবেদন সোমবাৰে খাৰিজ কৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে ইয়াক “ঘৃণনীয় বিচাৰ ধাৰা” বুলি অভিহিত কৰি খাৰিজ কৰে।
এজন অধিবক্তাই প্ৰতিটো লিভ-ইন সম্পৰ্কৰ বাধ্যতামূলক পঞ্জীয়ন বিচাৰি আবেদন জনাইছিল। ইয়াৰ জৰিয়তে একেলগে বাস কৰা যুৱক-যুৱতী সকলৰ সুৰক্ষা বিচাৰিছিল। লিভ-ইনত থকাৰ সময়ত হোৱা অপৰাধমূলক ঘটনা ৰোধ কৰাৰ বাবেও এই আবেদন দাখিল কৰা হৈছিল।
এই সন্দৰ্ভত সোমবাৰে মুখ্য ন্যায়ধীশ ডি ৱাই চন্দ্ৰচূড়ে কয়, “এইবোৰ কি? মানুহে দেশৰ সৰ্বোচ্চ ন্যায়ালয়খনত যিকোনো বিষয় কিয় লৈ আহে? এনে ধৰণৰ বিষয়ত আমি এতিয়া সময় খৰছ কৰিম? কাৰ সৈতে পঞ্জীয়ন? কেন্দ্ৰীয় চৰকাৰ? লিভ-ইনত থকা সকলৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ ভূমিকা কি?” তদুপৰি মুখ্য ন্যায়াধীশজনে কয় যে এনে আবেদন কৰাসকলৰ ওপৰত জৰিমনা বিহিব লাগে।
তেওঁ পুনৰ আবেদনখনৰ ভিত্তিত অধিবক্তাজনক প্ৰশ্ন কৰে, “আপুনি লিভ-ইন সম্পৰ্কত থকা লোকসকলৰ নিৰাপত্তা বিচাৰিছে নে এনে সম্পৰ্কত থাকিবলৈ দিব নিবিচাৰে?”
ইয়াৰ পিছতেই এই আবেদন খাৰিজ কৰে উচ্চতম ন্যায়ালয়ে।