যোৱাকালি নিশাৰ ভাগত যোৰহাট আৰক্ষীয়ে অভিযান চলাই মৰিয়নি ৰেল ষ্টেচনৰ পৰা ৮.৫ লাখ টকাৰ সোণ সহ দুটাকৈ সোণ সৰবৰাহকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।যোৰহাট আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজু বাহাদুৰ চেত্ৰী আৰু টি এছ আই দ্বীপজ্যোতি সোণোৱালৰ নেতৃত্বত যোৱা এটা দলে মৰিয়নি আৰক্ষী আৰু ৰে’লৱে আৰক্ষীৰ সহযোগত মিক্স সোণ সৰবৰাহ কৰি অনা সৰবৰাহকাৰী দুটাক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। সৰবৰাহকাৰী দুটা হল ক্ৰমে যোৰহাটৰ আতিলা গাঁৱৰ বাপ্পী ঘোষ আৰু গড়মূৰ ইটাখুলিৰ প্ৰতাপ দেৱনাথ।দীৰ্ঘদিন ধৰি সোণ সৰবৰাহ কৰি অহা ৰেকেটটোৰ বিষয়ে এক গোপন সূত্ৰৰ দ্বাৰা জানিব পাৰিছিল বুলি অৱগত কৰে আৰক্ষীয়ে। আৰক্ষীয়ে জনোৱা অনুসৰি ৬৯৭ গ্ৰাম ওজনৰ সোণৰ বিস্কুত জব্দ কৰিবলৈ সক্ষম হয় যাৰ বজাৰ মূল্য প্ৰায় ৮.৫ লাখ টকা ।
জব্দ কৰা সোণখিনি ডিব্ৰুগড়ৰ পৰা নগাঁৱলৈ লৈ আনি থকা হৈছিল বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰে সৰবৰাহকাৰী দুজনে।আটকাধীন সৰবৰাহকাৰী দুটাই সোণখিনি মিক্স সোণ বুলি জানিবলৈ দিয়ে আৰক্ষীক। ইফালে সোণখিনি আচল নে নকল সোণ পৰীক্ষা কৰিলেহে জানিব পৰা হব বুলি জনায় আৰক্ষীয়ে।মৰিয়নি ৰে’লৱে আৰক্ষী থানাত সৰবৰাহকাৰী দুজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডাবিধিৰ ৩৭৯/৩৪ ধাৰাৰ অধীনত ১০/১২ নম্বৰত গোচৰ ৰুজু হৈছে।আজি সৰবৰাহকাৰী দুটাক যোৰহাট আৰক্ষীয়ে মৰিয়নি ৰেলৱে আৰক্ষীক গতাই দিয়ে।