ৰাজ্যৰ বিৰোধী দলৰ নেতা তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি,ৰাজ্যত ট্ৰেডিং কেলেংকাৰীৰে আলোড়ন সৃষ্টি কৰা কৰিঅ’গ্ৰাফাৰ চুমি বৰাৰ লগত মুখ্যমন্ত্ৰীৰ ধুনীয়া ফটো থকা বুলি মন্তব্য আগবঢ়ায় ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৰাকীয়ে,বৰ্তমানলৈ প্ৰৱঞ্চক চুমি বৰাৰ লগতে স্বামী তাৰ্কিক বৰাক স্মাৰ্ট অসম আৰক্ষীয়ে বিচাৰি নোপোৱা ঘটনা সন্দৰ্ভত ডি.জি.পি. জি.পি. সিঙকো এক প্ৰকাৰ দোষাৰোপ কৰা পৰিলক্ষীত হয়৷ ডি.জি.পি. গৰাকীয়ে কেঁচু খান্দোতে সাপ ওলোৱাৰ ভয়ত চুমি বৰাক বিচাৰি অভিযান আৰম্ভ কৰা নাই বুলিও মন্তব্য আগবঢ়ায় বিৰোধী নেতা গৰাকীয়ে ৷ হাজাৰ হাজাৰ লোকৰ পৰা ধন আত্মসাৎ কৰি অনলাইন ট্ৰেডিং কেলেংকাৰীত নাম সাঙোৰ খোৱা চুমি বৰাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এখন এক কোটি টকীয়া চেক লোৱাৰ এটি ধুনীয়া ফটো থকা বুুলি সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই ৷ ইয়াৰ উপৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৰাকীয়ে চুমি বৰাৰ ঘটনা সন্দৰ্ভত কয় যে-‘‘মুখ্যমন্ত্ৰীয়ে নিজৰ হাত জ্বলাৰ ভয়ত চুমি বৰাক বিচাৰি অভিযান আৰম্ভ কৰা নাই৷’’