কন্যাসকলৰ ভৱিষ্যতৰ বাবে আপুনিও চিন্তিত নেকি? সুকন্যা সমৃদ্ধি যোজনাত আহিল বৃহৎ পৰিৱৰ্তন 

Share
যদি আপুনিও এগৰাকী  কন্যা সন্তানৰ পিতৃ , আপুনিও বিচাৰে যে আপোনাৰ কন্যা সন্তানটিৰ  ভৱিষ্যত আৰ্থিকভাৱে সমৃদ্ধিশালী হওক যাতে  তাই কেতিয়াও ধনৰ কোনো সমস্যাৰ সন্মুখীন হব নালাগে, তেন্তে আপুনিও চৰকাৰৰ এই বিশেষ  চমৎকাৰ  আঁচনিখনত বিনিয়োগ আৰম্ভ কৰিব পাৰে।  এই আঁচনিখনত মাত্র  দৈনিক ৪১৬ টকা বিনিয়োগ কৰিব লাগিব। পাছলৈ এই ৪১৬ টকা আপোনাৰ ছোৱালীৰ বাবে  ৬৫ লাখ টকাৰ ডাঙৰ পৰিমাণ হৈ পৰিব। ইয়াৰ লগে লগে আপোনাৰ ছোৱালীৰ পঢ়া-শুনাৰ ব্যয়ও সহজে আঁতৰি যাব। পিছে সুকন্যা সমৃদ্ধি যোজনাত আহিল বৃহৎ পৰিৱৰ্তন ।
পূৰ্বৰ নিয়ম অনুসৰি,  ১০ বছৰৰ পৰাই কন্যাই একাউন্টতো চলাব পাৰিছিল।  কিন্তু নতুন নিয়ম অনুসৰি ১৮ বছৰ বয়সৰ পূৰ্বে কন্যাগৰাকীক একাউণ্ট চলাবলৈ দিয়া নহ’ব। তাৰ আগতে কেৱল অভিভাৱকেহে একাউণ্টটো চলাই থাকিব। এতিয়াৰে পৰা  তৃতীয় কন্যাৰ একাউণ্টটো খুলিব পাৰিব। পূৰ্বে ৮০চিৰ অধীনত কৰ ৰেহাইৰ সুবিধা কেৱল দুগৰাকী কন্যাৰ একাউণ্টতহে পোৱা গৈছিল। কিন্তু  নতুন নিয়ম অনুসৰি যদি এগৰাকী কন্যা সন্তানৰ পিছত দুগৰাকী যমজ কন্যাৰ জন্ম হয়, তেন্তে দুয়োৰে একাউন্ট খুলিব পৰা ব্যৱস্থা আছে।তদুপৰি নিৰ্ধাৰিত সময়ৰ পূৰ্বে একাউন্টতো বন্ধ কৰিব পাৰিব। নতুন পৰিৱৰ্তনৰ নিয়ম অনুসৰি , একাউন্টধাৰীৰ জীৱনলৈ ভাবুকি কঢ়িয়াই অনা ৰোগকো ইয়াত অন্তৰ্ভূক্ত কৰা হৈছে। অভিভাৱকৰ মৃত্যু হ’লেও নিৰ্ধাৰিত সময়ৰ পূৰ্বে একাউন্টতো বন্ধ কৰিব পাৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *