সুকন্যা সমৃদ্ধি যোজনাঃ এতিয়াৰে পৰা কন্যাৰ শিক্ষা আৰু বিবাহৰ চিন্তা পৰিব অন্ত , এই যোজনাৰ অধীনত আপুনি লাভ কৰিব ৬৪ লাখ টকা 

Share
সুকন্যা সমৃদ্ধি যোজনা। যদি আপুনিও ছোৱালী এজনীৰ অভিভাৱক তেন্তে হয়তো আপুনি আপোনাৰ কন্যাৰ ভৱিষ্যতৰ বাবে নিশ্বয় চিন্তিত। যাৰ বাবে আপুনি তেওঁৰ ভৱিষ্যত নিশ্চিত কৰিবলৈ এটা ডাঙৰ পুঁজি সংগ্ৰহ কৰিব পাৰে। তেন্তে আমি আপোনাক এনে এক আঁচনিৰ বিষয়ে ক’বলৈ গৈ আছোঁ যাৰ অধীনত আপুনি প্রতিমাহে মাত্র ২৫০ টকা জমা কৰি এই চিন্তাৰ পৰা পৰিত্রাণ পাব পাৰে। সুকন্যা সমৃদ্ধি যোজনা হৈছে এটা ক্ষুদ্র সঞ্চয়  আঁচনি যাৰ জৰিয়তে আপুনি কন্যাৰ শিক্ষাৰ লগতে বিবাহৰ ক্ষেত্রত চিন্তাৰ কোনো কাৰণ নাথাকিব।
২০১৫ চনতে মোডী চৰকাৰে মোডী চৰকাৰে ‘বেটি বচাও বেটি পঢ়াও’ অভিযানৰ অধীনত সুকন্যা সমৃদ্ধি যোজনা আৰম্ভ কৰিছিল। এই আঁচনিখনত বিনিয়োগে বছৰি ৭.৬ শতাংশ সূত লাভ কৰে। ২৫০ টকাতে খুলিব পৰা একাউন্টতো কন্যাৰ বয়স ১৮ বছৰ হ’লে উপলব্ধ ৫০ শতাংশ উলিয়াব নোৱাৰে , তেনেহ’লে আপোনাৰ কন্যাৰ ২১ বছৰ হ’লে আপুনি ৬৪ লাখ টকাৰ ম্যাদপুৰ্তিৰ পৰিমাণ লাভ কৰিব পাৰে। যি হৈছে প্রতিমাহে ১২,৫০০ টকা ।এই আঁচনিৰ অধীনত একাউন্ট এটা খুলিবলৈ , আপোনাৰ কন্যাৰ জন্মৰ প্রমাণপত্র , ডাকঘৰ অথবা বেংকত দাখিল কৰিব লাগিব।ইয়াৰ লগতে শিশুটি আৰু শিশুটিৰ পিতৃ-মাতৃৰ পৰিচয় পত্রৰ বাবে আধাৰ কাৰ্ড ,পেন কাৰ্ড , ড্রাইভিং লাইচেঞ্চ আদি দিব লাগিব ।

Leave a Reply

Your email address will not be published. Required fields are marked *