শঙ্কৰদেৱ শিশু নিকেতনৰ ছাত্ৰীয়ে গো মাংসৰে ৰন্ধা বিৰিয়ানি খুৱালে হিন্দু বান্ধৱীক

Share
নিউজ ডেস্ক,২০ আগষ্টঃ ধূপধৰা বিদ্যালয়ত এক ভয়ংকৰ কাণ্ড । শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ গৰিমাত কালিকা সানিলে বিদ্যালয়খনৰ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীয়ে। টিফিনত গো-মাংস বিৰিয়ানি লুকুৱাই আনি ৰাভা উপাধিৰ ছাত্ৰীক বিৰিয়ানি খুওৱাৰ এক জঘন্য ঘটনা পোহৰলৈ আহিছে । এই ঘটনাক কেন্দ্ৰ কৰি ৰঙা ঘৰৰ আলহী হ’ব লগীয়া হ’ল গো-মাংস লৈ অনা ছাত্ৰী গৰাকীৰ পিতৃ।
উল্লেখ্য যে, গো-মাংস লৈ অনা মুছলিম ছাত্ৰী গৰাকীয়ে এই কথা লুকুৱাই ৰাখি বান্ধৱী গৰাকীক গো -মাংস ৰে ৰন্ধা বিৰিয়ানি খাৱলৈ দিয়ে । এই কথাটো ইকানে -সিকানে ছাত্ৰী গৰাকীৰ কাণত পৰাত বিৰিয়ানি খোৱা ছাত্ৰী গৰাকীয়ে কান্দিবলৈ ধৰে আৰু পাছত নিকেতনৰ প্ৰধান আচাৰ্য গৰাকীয়েও ঘটনা সন্দৰ্ভত অৱগত কৰে। সেই সময়ত নিকেতনৰ কৰ্তৃপক্ষৰ দ্বাৰা বিশেষ পদক্ষেপ লোৱা হোৱা নাছিল যদিও পিছত এই কথাটো আন অভিভাৱক সকলৰ অৱগত হোৱাত প্ৰধান আচাৰ্যক জবাবদিহি কৰাৰ লগতে ছাত্ৰী গৰাকীক নিকেতনৰ পৰা বহিষ্কাৰ কৰিবলৈ দাবী জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *