বেদ অধ্যায়নৰে শিক্ষাৰ্থীয়ে লাভ কৰিব পাৰিব ডিগ্ৰী

Share
নিউজ ডেক্সঃ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনত কেন্দ্ৰীয় চৰকাৰে বৈদিক শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে এখন বেদ আধাৰিত শিক্ষা পৰিষদ গঠন কৰাৰ ঘোষণা কৰিছে।
চৰকাৰী এক সূত্ৰ অনুসৰি, এই বৈদিক বৰ্ডে আন বৰ্ডৰ দৰেই কাম কৰিব। সংস্কৃত ভাষা বিশেষজ্ঞ আৰু বৈদিক গণিতজ্ঞই বৈদিক বৰ্ড গঠন প্ৰক্ৰিয়াৰ দায়িত্বত থাকিব।
উল্লেখ্য যে, বৰ্তমান কোনো স্বীকৃত বৰ্ডৰ সময়ত বৈদিক অধ্যয়ন কৰাৰ সুযোগ নাই বাবে মন্ত্ৰালয়ে বৈদিক অধ্যয়ন কৰিবলৈ ইচ্ছুক শিক্ষাৰ্থীসকলক সুযোগ প্ৰদান কৰিব বিচাৰে। যত শিক্ষাৰ্থীয়ে বেলেগ বৰ্ডৰ দৰেই ডিগ্ৰী লাভ কৰিব পাৰিব। যাৰ পৰি প্ৰেক্ষিতত কেন্দ্ৰই ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনত ভাৰতৰ পৰম্পৰাগত বৈদিক ব্যৱস্থাক আধুনিক শিক্ষা ব্যৱস্থাৰ সৈতে সংযুক্ত কৰিব বিচাৰিছে। ইয়াৰ এটা মূল উদ্দেশ্য হৈছে আধুনিক সমাজত বেদৰ প্ৰাসংগিকতা বজাই ৰখা।
উল্লেখযোগ্য যে, বৰ্তমান মহৰ্ষি সন্দীপনী প্ৰতিষ্ঠানে ৬ হাজাৰ শিক্ষাৰ্থীয়ে বৈদিক শিক্ষা প্ৰদান কৰি আহিছে। কিন্তু কেন্দ্ৰীয় চৰকাৰে এখন পৰিষদ গঠন কৰি শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি কৰিব বিচাৰে।
এই সন্দৰ্ভত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কয়, ” বৰ্তমান যুগত বেদক প্ৰাসংগিক কৰি তুলিবলৈ মন্ত্ৰালয়ে বৈদিক শিক্ষা পৰিষদ গঠন কৰিব। বেদ হৈছে ভাৰতীয় সংস্কতিৰ ভেটি।”
কেন্দ্ৰীয় চৰকাৰে বৰ্তমান ৫ খন বৈদিক শিক্ষাৰ বিদ্যাপীঠ স্থাপন কৰাৰ সিদ্ধান্ত লৈছে। ইয়াৰ নেতৃত্ব দিব মহৰ্ষি সন্দীপনী সংস্থানে। বিদ্যাপীঠ কেইখন স্থাপন কৰা হব চাৰি ধামৰ লগতে অসমৰ প্ৰসিদ্ধ কামাখ্যা মন্দিৰতো স্থাপন হব বৈদিক শিক্ষাৰ প্ৰতিষ্ঠান। 

Leave a Reply

Your email address will not be published. Required fields are marked *