পৰীক্ষাৰ প্ৰশ্নোত্তৰত ছাত্ৰই লিখিলে ভোজপুৰী গীত, উত্তৰবহী ভাইৰেল!

Share

এখন উত্তৰবহীক লৈ এতিয়া সামজিক মাধ্যমত বিশেষ চৰ্চা।কিন্তু কিয়? সাধাৰণতে স্কুলৰ পৰা কলেজলৈ আপুনি, মই সকলোৱে পৰীক্ষা দিছোঁ।পৰীক্ষাৰ সময়ত হয়তো আমি কেতিয়াবা নহয়, কেতিয়াবা এনে পৰিস্থিতিৰ সন্মুখীন হৈছোঁ য’ত আমি সোধা প্ৰশ্নৰ উত্তৰ নাজানো।পিছে প্ৰশ্নৰ উত্তৰ নাজানিলেও পৰীক্ষা হলত ছাত্ৰ-ছাত্ৰীয়ে কিবা এটা হ”লেও লিখে।পিছে এনে সামঞ্জস্যৰ ঘটনা এটাই যেন চমক দিছে সকলোকে। ঘটনা বিহাৰৰ ছপৰা জিলাৰ এজন ছাত্ৰৰ । সিদিনা  আছিল ৰসায়ন বিজ্ঞান ব্যৱহাৰিক পৰীক্ষা।প্ৰশ্নকাকতত প্ৰশ্ন আহিল ঠিকেই কিন্তু উত্তৰবহীত ছাত্ৰই লিখি থৈ আহিল ভোজপুৰী গীত।তাৰ পাছতে ছাত্ৰলৈ আহিল শিক্ষকৰ ফোন।

শিক্ষকে ছাত্ৰক সুধিলে প্ৰশ্ন “ৰসায়ন বিজ্ঞানৰ পৰীক্ষাত কি লিখি থৈ আহিলা?” পিছে প্ৰশ্ন চাই ছাত্ৰয়ো দিলে উত্তৰ-“এটা গান লিখি থৈ আহিলোঁ”।উত্তৰ শুনি ক্ষোভিত হৈ পৰে শিক্ষক। পুনৰ ছাত্ৰলৈ প্ৰশ্ন-“লাজ নালাগিলনে? যে উত্তৰবহীত যিহকে পোৱা  সেয়াই লিখি থৈ আহিবা!” এনেদৰে টেলিফোনিক বাৰ্তালাপত অৱশেষত ছাত্ৰয়ো মানি ল’লে নিজৰ ভুল।পিছে উত্তৰবহী এতিয়া দ্ৰুতগতিত ভাইৰেল সামাজিক মাধ্যমত।কোনোৱে ক’লে, গানৰ লিৰিক্স খুব সৃষ্টিশীল, ল’ৰাজনক পাছ কৰি দিব লাগে,”।“ছাৰৰ গানটো পছন্দ হোৱা নাই চাগে”! আন কোনোৱে আকৌ ক’লে “ভৱিষ্যতে ভাল কৰিব এইজন ছাত্ৰই”।মুঠৰ ওপৰত বিভিন্নজনৰ ভিন্ন প্ৰতিক্ৰিয়া, মন্তব্যৰ বৰষুণে উপচাই পেলাইছে সামাজিক মাধ্যম।

Leave a Reply

Your email address will not be published. Required fields are marked *