অবৈধ ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ স্থিতি অব্যাহত থাকিবঃপীয়ুষ হাজৰিকা

Share

নিউজ ডেস্কঃ ৩১ আগষ্টত ৰাজ্যিক ড্ৰাগছ বিৰোধী আৰু প্ৰতিৰোধ পৰিষদৰ উদ্যোগত ইণ্টাৰনেচনেল অভাৰড’জ এৱাৰনেছ ডে উপলক্ষে এখন বিশেষ সজাগতা সভা অনুষ্ঠিত কৰা হয়। এই সভাখনত মুখ্য অতিথিৰ ৰূপত উপস্থিত থাকে মন্ত্ৰী পীয়ুষ হাজৰিকা। মন্ত্ৰী পীয়ুষ হাজৰিকাই কয় যে, ” ড্ৰাগছ আসক্ত ব্যক্তিসকলে সমাজত নানানটা সমস্যাৰ সন্মুখীন হোৱাৰ লগতে  তেনে ব্যক্তিৰ মৃত্যুৱে এটা পৰিয়াললৈ অন্ধকাৰ নমাই আনিব পাৰে। পিতৃ-মাতৃৰ বাবে নিজৰ সন্তানক চকুৰ আগত ড্ৰাগছৰ আসক্তিৰ ফলত মৃত্যু হোৱা প্ৰত্যক্ষ কৰাৰ দৰে অসহনীয় কথা আৰু একো হ’ব নোৱাৰে। চৰকাৰ গঠন হোৱাৰ দিনৰে পৰা ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে অবৈধ ড্ৰাগছ আৰু ড্ৰাগছৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ ভূমিকা গ্ৰহণ কৰিছে। ভৱিষ্যত প্ৰজন্মক এই ড্ৰাগছৰ অভাৰড’জৰ দৰে বৰবিহৰ পৰা ৰক্ষা কৰিবলৈ আমি প্ৰত্যেকেই সজাগ হ’ব লাগিব। “

উল্লেখ্য যে, ৰাজ্যৰ ড্ৰাগছ আসক্তসকলৰ বাবে যিসমূহ ৰিহেবিলিটেচন কেন্দ্ৰ আছে , সেই কেন্দ্ৰসমূহ নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰে অতি শীঘ্ৰেই কিছু নতুন নীতি-নিয়ম প্ৰস্তুত কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *