✍️ দুলুমণি দেৱী, মাকুম
ধৰাৰ বুকুত আমি অগনন মানুহৰ সান্নিধ্যলৈ আহো৷ জীৱন পথত লগ পোৱা বহুতকে আমাৰ ভাল লাগে, আকৌ কেতিয়াবা কিবা কাৰণত কিছুমানক বেয়া পাও বা ভাল নালাগে৷ ইয়াৰ কাৰণ হল আমাৰ প্রত্যেকৰে মনবোৰ একে নহয়৷ মন ভিন ভিন হোৱাৰ বাবে কাম কৰাৰ কৌশল,থকাৰ ধৰণ, আৰু আচৰণো বেলেগ বেলেগ৷ একেখন ঘৰতে থকা মানুহৰো মনৰ অমিল প্রায়ে দেখা যায়৷আমাৰ মনটোৰ ওপৰত বহুখিনি দিশ নির্ভৰ কৰে৷ কৰিব নোৱাৰো বুলি ভবা কামো মনৰ জোৰত এটা সময়ত চেষ্টা বা ইচ্চাৰ জোৰত হৈ উঠে৷ মনক বুজাব পাৰিলে আমি বেয়া কর্ম ,বেয়া কথা কবলৈ বা কৰিবলৈ সাহস নকৰো৷
আত্মনিয়ন্ত্রন, আৱেগ নিয়ন্ত্রন কৰিব পৰা যায় মনৰ জোৰত৷ আৱেগক নিয়ন্ত্রণ কৰিব নোৱাৰি বহুতে মানৱীয় সীমা চেৰাই গৈ সমাজত অৱহেলিত হবলগাও হয় ৷এতিয়া কথা হল আমি মনটোক কেনেকৈ বুজাম? সেয়া সম্ভৱ হয় আমাৰ একান্ত ইচ্চা ,কর্মস্পৃহা তথা প্রত্যেকটো বস্তকে ধুনীয়া দেখাৰ কৌশল আয়ত্ব ৷ সেই কৌশল কেনেকৈ আয়ত্ব কৰিব পাৰিম? এই ক্ষেত্রত আমাক সহায় কৰিব পাৰে মহান মহান লেখকৰ লেখনি পঢ়ি ,তেওঁলোকৰ কলা কৌশল আয়ত্ব কৰি, অথবা বাস্তৱ ক্ষেত্রত তাক প্রয়োগ কৰি ৷
চিৰসেউজ পৃথিৱীত বহুগুণসম্পন্ন বহু ব্যক্তিৰ সান্নিধ্যই আমাৰ যাত্রাপথ ৰঙীণ কৰি তুলিব পাৰে ৷ চান্দসিক জীৱন পথত আমি নানা সংঘাত, সহযোগিতা তথা বিভিন্ন পৰিস্থিতিৰ সন্মুখীন হওঁ, তাক অতিক্রম কৰিবলৈ মনটোক পৰিবেশৰ লগত সংগতি ৰাখি কর্মত অগ্রসৰ হব লাগিব৷ মনটো সুন্দৰ কৰি তুলিব পাৰিব লাগিব, মনৰ সুন্দৰতা নির্ভৰ কৰে দৃষ্টিৰ প্রসাৰতাৰ ওপৰত। চোৱাৰ দৃষ্টিভংগীৰ ওপৰত মনৰ সুন্দৰতা প্রকাশ পায় ৷