ভাড়া বৃদ্ধিৰ ওপৰত সকীয়নি ৰাজ্যৰ পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

Share

গুৱাহাটী,৯ এপ্ৰিল: সদৌ অসম মটৰ পৰিবহন সন্থাই ভাড়া বৃদ্ধি কৰিলেই অনুজ্ঞাপত্ৰ বাতিল কৰাৰ লগতে গাড়ী চালক আৰু গাড়ীৰ গৰাকীৰ বিৰুদ্ধেও গোচৰ ৰজু কৰা হব বুলি ঘোষণা কৰে পৰিবহন মন্ত্ৰী গৰাকীয়ে ৷ যদিহে কোনো বাহনে অতিৰিক্ত ভাড়াৰ দাবী উত্থাপন কৰে তেন্তে মন্ত্ৰী গৰাকীয়ে তাৎক্ষণিক ভাৱে প্ৰশাসনক অৱগত কৰোৱাৰ আহ্বান জনাইছে ৷

তেওঁ জনায় যে ” মই পূৰ্বেও কৈছিলো আৰু এতিয়াও কম – ভাড়া নাবাঢ়ে ৷ কোনো কাৰণতে ভাড়া বৃদ্ধি কৰিবলৈ দিয়া নহব ৷ পেট্ৰল ডিজেলৰ মূল্য আজি বাঢ়িছে কালিলৈ হ্ৰাস পাব কিন্ত ভাড়া এবাৰ বাঢ়িলে কেতিয়াও নকমে “৷

আনহাতে সদৌ অসম মটৰ পৰিবহন সন্থাৰ সচিব প্ৰদীপ দাসে উল্লেখ কৰে যে , পেট্ৰ’লজাতীয় সামগ্ৰীৰ অধিক মূল্যৰ ফলশ্ৰুতিত
৭০ শতাংশ বাছভাড়া বৃদ্ধি কৰিবলগা পৰিস্থিতিৰ সৃষ্টি হৈছে৷ 

Leave a Reply

Your email address will not be published. Required fields are marked *