ADREৰ বাবে সাজু ৰাজ্য চৰকাৰ

Share

অহা ২৭ অক্টোবৰত অনুষ্ঠিত হ’ব অসম চৰকাৰৰ অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা চমুকৈ ADRE চতুৰ্থ বৰ্গৰ পৰীক্ষা। ২৮খন জিলাত অনুষ্ঠিত হ’ব পৰীক্ষা। ৰাজ্যজুৰি বন্ধ হ’ব মোবাইল ইন্টাৰনেট সেৱা। এছ এল আৰ চিৰ অধ্যক্ষ ড০ বি কল্যান চক্ৰৱৰ্তীয়ে এই সন্দৰ্ভত কয়, ২৭ অক্টোবৰত ২৮খন জিলাত ৰাজ্য চৰকাৰে ৪২ টা বিভাগত ৫,০২৩ টা পদৰ বাবে অনুষ্ঠিত হ’ব এই ADRE পৰীক্ষা। এই পৰীক্ষাত সৰ্বমুঠ প্ৰাৰ্থী ১৩,৭৯,১৩২ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব।এইবাৰ পৰীক্ষাত দুখন প্ৰশ্নকাকত থাকিব প্ৰথম প্ৰশ্নকাকতৰ বাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ সংখ্যা ৮,২৭,১৩০ গৰাকী আৰু দ্বিতীয় প্ৰশ্নকাকতৰ বাবে অষ্টম শ্ৰেনীলৈ উত্তীৰ্ণ ৫,৫২,০০২ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব। এছ এল আৰ চিৰ অধ্যক্ষ পুনৰ কয় প্ৰথম প্ৰশ্নকাকতৰ পৰীক্ষা ৰাজ্যৰ ১,৪৮৪ টা আনহাতে দ্বিতীয় প্ৰশ্নকাকতৰ পৰীক্ষা ৮০৮টা পৰীক্ষাকেন্দ্ৰত অনুষ্ঠিত হ’ব প্ৰথম প্ৰশ্নকাকতৰ পৰীক্ষাৰ সময়সীমা পুৱা ৯ বজাৰ পৰা ১১:৩০ বজালৈ অনুষ্ঠিত হ’ব এই ADRE পৰীক্ষা আনহাতে দ্বিতীয় প্ৰশ্নকাকত দিনৰ ১:৩০ বজাৰ পৰা ৪ বজালৈ অনুষ্ঠিত হ’ব।এইবাৰ নিগেটিভ মাৰ্কিং থকাৰ বাবে আধা ঘন্টা সময় অতিৰিক্তভাৱে বঢ়াই দিয়া হৈছে। পুনৰ অধ্যক্ষ গৰাকীয়ে কয় যে, পৰীক্ষা সূচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে সকলো জিলাৰ আয়ুক্ত আৰক্ষী অধীক্ষকৰ সৈতে বৈঠক অনুষ্ঠিত হৈছে। প্ৰায় ১ লাখ চৰকাৰী বিষয়া কৰ্মচাৰী নিয়োগ কৰা হ’ব এই পৰীক্ষাত। বিশেষভাৱে সক্ষম প্ৰাৰ্থীসকলক প্ৰতিঘন্টাত ২০ মিনিটকৈ অতিৰিক্ত সময় দিয়া হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *