ৰাজ্যিক জি এছ টি ৰেহাই মাজুলী আৰু যোৰহাট সংযোগী দলং নিৰ্মাণত

Share
ফাৰমিনা আহমেদ,৭ অক্টোবৰঃ  মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণৰ ক্ষেত্ৰত ৰাজ্যিক জি এছ টি ৰেহাই দিয়াৰ সিদ্ধান্ত লৈছে কেবিনেটে।স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয় ব্যয়পূৰ্তিৰ জৰিয়তে ৰাজ্যিক জি এছ টিৰ ধন আদায় ব্যৱস্থা কৰা হব।মুখ্যমন্ত্ৰীৰ সমগ্র গ্ৰাম্য উন্নয়ন যোজনাৰ বাবে চলিত বিত্তীয় বৰ্ষত ৪০০ কোটি টকা ধাৰ্য্য, অসম ৰাজ্যিক মহাকাশ প্ৰায়োগিক কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱটো কেবিনেটে অনুমোদন দিছে।এই কেন্দ্ৰৰ জৰিয়তে ২৪ টা বিভাগৰ কাম কাজত মহাকাশ প্ৰযুক্তি ব্যৱহাৰ কৰা হব। কেশৱ মহন্তই প্ৰকাশ কৰা অনুসৰি আগন্তুক ২০২২ বর্ষৰ বাবে চৰকাৰী বন্ধৰ তালিকাত মুঠ চৰকাৰী বন্ধৰ দিন হব ৩৪ টা।আন এক সিদ্ধান্ত লৈছে যে এতিয়াৰে পৰা সকলো চৰকাৰী নথিৰ লগতে ইংৰাজী  কেলেণ্ডাৰ তাৰিখৰ লগত অসমীয়া তাৰিখ ও উল্লেখ থাকিব বুলি মন্তব্য প্ৰকাশ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *