পূৰ্বৰ ১লাখ ৩২ হাজাৰ কোটি ঋণ থকাৰ পিছতো পুনৰ এহেজাৰ কোটি টকাৰ ঋণ ল’বলৈ সাজু অসম চৰকাৰ । তৰুণ গগৈ চৰকাৰৰ বিদায়কালত ৩৫,৬৯০ কোটি টকা ঋণৰ বোজা এৰি থৈ যোৱা পিছত ২০১৬ – ১৭ বৰ্ষৰ সৰ্বানন্দ সোণোৱাল চৰকাৰ ৰাজ্যৰ শাসনত ঋণৰ পৰিমাণ হৈছিল ৪৩,২৭৪,৮৮ কোটি টকাৰ পৰা ঋণৰ বোজা হৈছিল গৈ ৮৭,৪০৭,৭৯ কোটি টকা । আনহাতে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ কাৰ্যকালৰ সময়ছোৱাত ঋণৰ পৰিমাণ সোণোৱাল চৰকাৰৰ শাসন কালতকৈও বৃদ্ধি পাইছিল ।
শৰ্মাৰ চৰকাৰৰ কাৰ্যকালত ঋণৰ পৰিমাণ ২০২১ – ২২ বৰ্ষত হৈছিল গৈ ১,০৭,০০০ কোটি টকালৈ । এতিয়া পুনৰ এহেজাৰ কোটি টকাৰ ঋণ লোৱাৰ পিছত অসম চৰকাৰৰ সৰ্বমুঠ ঋণৰ পৰিমাণ হব’গৈ ১ লাখ ৪২ হেজাৰ কোটি টকা ।
উল্লেখযোগ্য যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ঋণ সমুহৰ সুত পৰিশোধ কৰিছে যদিও মুল ঋণৰ এটকাও পৰিশোধ কৰিব পৰা নাই। ইয়াৰ পৰিপেক্ষিততে বৰ্তমান অসমত জনমুৰি ঋণৰ পৰিমাণ হৈছেগে ৩৭ হেজাৰ টকা ।
মন কৰিবগীয়া যে ৰাজ্যত ঋণৰ বোজা বৃদ্ধি হোৱা বাবদ ৰাজহ ব্যয়ৰ তুলনাত উৎপাদনমূলক ব্যয় বৃদ্ধিত অগ্ৰাধিকাৰ দিবলৈ পৰাৰ্মশ দি আহিছে কেগে । তাৰ পিছতো চৰকাৰ খনে ভোটৰ অংকত ধন বিলোৱা হিতাধিকাৰী আঁচনী ৰূপায়ন কৰিবলৈ গৈ বছৰি বৃদ্ধি পোৱা অভাৱনীয় ঋণ বোজা বঢ়াই যোৱা কাৰ্য বিশেষভাৱে তাৎপৰ্যপূৰ্ণ হৈ পৰিছে।