অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে সামাজিক মাধ্যমৰ যোগে ৪২ হাজাৰ পদত নিযুক্তি প্ৰদানৰ কথা ঘোষণা কৰে। তৃতীয় আৰু চতুৰ্থ বৰ্গ নিযুক্তি আয়োগৰ সৈতে হোৱা এক পৰ্যালোচনা বৈঠকত এই কথা সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । শীঘ্ৰেই ৰাজ্যৰ বিভিন্ন বিভাগৰ বাবে ৪২ হাজাৰটা পদত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব ।
অসম চৰকাৰে এক লাখ নিৱনুৱাক নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি মৰ্মে এতিয়ালৈ ৪১,৯২০ জন প্ৰাৰ্থীক চৰকাৰী পদত নিযুক্তি প্ৰদান কৰিছে। শেহতীয়াকৈ অসম বিধানসভাত মুখ্যমন্ত্ৰীয়ে মে মাহৰ ভিতৰত এক লাখ নিযুক্তি সম্পূৰ্ণ কৰা হ’ব বুলি ঘোষণা কৰিছিল। সেই অনুসৰি ৰাজ্যত ৪২ হাজাৰ নতুন পদৰ বাবে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে।