বৃহস্পতিবাৰে ৰাজ্য চৰকাৰে বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে জনায় যে ৰাজ্যৰ পৰা বাল্য বিবাহৰ ঘটনা নিৰ্মূল কৰিব লাগিব। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীয়ে অসমৰ কোন জিলাত কিমান অবৈধ স্বামী আছে তাৰ ওপৰতো এখন তালিকা প্ৰকাশ কৰিছে। উল্লেখ যোগ্য যে মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা তালিকা অনুসৰি ৰাজ্যৰ আৰক্ষী থানাসমুহত ৪হাজাৰৰো অধিক বাল্য বিবাহৰ গোচৰ পঞ্জীয়ন হৈ আছে। শুকুৰবাৰৰ পৰা ৪হাজাৰ গোচৰৰ ওপৰত তদন্ত চলোৱাৰ পিছত বিৰোধীসকলোক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিবলৈ অসম আৰক্ষীক দায়িত্ব দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে। উল্লেখ্য যে মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি ৰাজ্যৰ ৩৬ খন জিলাত ৪০০৪ টা গোচৰ বৰ্তমান সময়লৈকে ৰুজু হৈ আছে। ইয়াৰ ভিতৰত অত্যাধিক গোচৰ ৰুজু হৈছে ধুবুৰী জিলাত। তাৰ উপৰিও ৩৭০ টা বাল্য বিবাহৰ গোচৰ ইতিমধ্য ৰুজু হৈ আছে। আনহাতে বাল্য বিবাহৰ বাবে হোজাই জিলাক দ্বিতীয় স্থান হিচাপে চিনাক্ত কৰা হৈছে।এই জিলাখনত ২৫৫ টা বাল্য বিবাহৰ গোচৰ ৰুজু হৈ আছে। তৃতীয় আৰু চতুৰ্থ স্থানত আছে ওদালগুৰি আৰু মৰিগাঁও।