বন্দনা হাজৰিকা,ছেপ্তেম্বৰ ৩০ঃ অৱশেষত কাগজ কলৰ কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া দাবীৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে কালি কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া সমস্যাসমূহৰ সমাধানৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয়। কালি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু জইণ্ট একচন কমিটী অৱ ৰিকগনাইজ ইউনিয়ন চমুকৈ (জাকৰু) ৰ সৈতে হোৱা বৈঠকত ৰাজ্য চৰকাৰে কাগজ কলৰ কৰ্মচাৰীলৈ ৫৭০ কোটি টকাৰ এটা বিশেষ অৰ্থনৈতিক পেকেজ ঘোষণা কৰে । এই বৈঠকতে এখন চুক্তি সম্পাদন কৰা হয় । আৰু চুক্তি অনুসৰি ৰাজ্য চৰকাৰে দুমাহৰ ভিতৰত এই পেকেজ প্ৰদান কৰিব । ইয়াৰ উপৰি কৰ্মচাৰীসকলক দৰমহা, পি এফ, গ্ৰেছুইটীৰ ধন,পেঞ্চন আদিৰ সুবিধা প্ৰদান কলা হ’ব। তদুপৰি অন্যান্য আৰু কেতবোৰ গুৰুত্ত্বপূৰ্ণ সিদ্ধান্ত এই বেঠকত লোৱা হৈছে ।
উল্লেখযোগ্য যে এই চুক্তি আজি ধেমাজিত অনুষ্ঠিত হ’বলগীয়া কেবিনেট বৈঠকত উপস্থাপন কৰা হ’ব আৰু কেবিনেটত অনুমোদন লাভ কৰিলে এই চুক্তিৰ তথ্যসমূহ সদৰী কৰা হ’ব বুলি কালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে ।