আজি ৰাজ্য় চৰকাৰে প্ৰদান কৰিছে আনন্দৰাম বৰুৱা বঁটা আৰু ড০ বাণীকান্ত কাকতি বঁটা।মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে প্ৰদান কৰিছে এই বঁটা সমূহ।হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫% বা তাতোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীয়ে পাব জলপানি।আনন্দৰাম বৰুৱা বঁটাৰ অধীনত ১২,৫০০ টকা জলপানি দিয়া হ’ব শিক্ষাৰ্থীসকলক।২৬,৯৬৯ গৰাকী ছাত্ৰ ছাত্ৰীয়ে পাব এই পুৰস্কাৰ।অন্যহাতে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্য়াতিৰে উৰ্ত্তীণ হোৱা ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিছে ড০ বাণীকান্ত কাকতি বঁটা।উচ্চতৰ মাধ্য়মিক পৰীক্ষাত যিসকলে ৭৫% বা তাতকৈ অধিক নম্বৰ আৰু যিসকল ছাত্ৰীয়ে ৬০% বা তাতোধিক নম্বৰ লাভ কৰিছে সেইসকলক এই বঁটা প্ৰদান কৰা হৈছে।৪৮,৬২৩ গৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিছে এই বঁটা।তদুপৰি নৱম শ্ৰেণীৰ শিক্ষাৰ্থীক প্ৰদান কৰা হৈছে চাইকেল।মুখ্য়মন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত চাইকেলসমূহ প্ৰদান কৰা হৈছে।৩,২৩,৬৪০ গৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিছে চাইকেল।সৰুসজাই ষ্টেডিয়ামত মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে প্ৰদান কৰিছে এই বঁটাসমূহ।অনুষ্ঠানত উপস্হিত থাকে শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগু,মন্ত্ৰী অতুল বৰা,মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীকে ধৰি আন বহুকেইজন বিধায়ক।