আগন্তুক লোকসভা নিৰ্বাচনক লৈ ৰাজ্যিক বিজেপিৰ বিশেষ প্ৰস্তুতি

Share

আগন্তুক ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ বাবে একাংশ জেষ্ঠনেতাৰ অসন্তুষ্টিৰ সমান্তৰালকৈ একাংশ বিষয়ববীয়াৰ অপৰাধৰ সৈতে সম্পৰ্ক লৈ ৰাজ্যিক বিজেপিয়ে আৰম্ভ কৰিছে বিশেষ প্ৰস্তুতি। ৰাজ্যিক বিজেপিয়ে আৰম্ভ কৰিব বিচাৰিছে মুখ্যতঃ দলৰ একাংশ নেতা-কৰ্মীৰ অসন্তুষ্টি আতঁৰোৱাৰ নগতে ভোটাৰৰ লক্ষ্যৰে জনসম্পৰ্ক অভিযান। এই উদ্দেশ্যে আজি মহানগৰীৰ বশিষ্ঠত থকা ৰাজ্যিক বিজেপিৰ কাৰ্যলয়ত অনুষ্ঠিত হয় বিষয়ববীয়া সভাৰ লগতে কেইবাখনো সাংগঠনিক সভা। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বিষয়ববীয়াৰ সভাখনত ৰাজ্যিক বিজেপিৰ প্ৰভাৰী তথা ৰাষ্ট্ৰীয় উপ-সভাপতি বৈজয়ন্ত পাণ্ডা, সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, মুখ্য মুখপাত্ৰ আদিৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত শেহতীয়াকৈ দলৰ ভাবমূৰ্তি নষ্ট কৰা একাংশ অপৰাধী বিষয়ববীয়াক লৈ যথেষ্ট আলোচনা চলে। উল্লেখযোগ্য যে এই বৈঠকতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ নৱম বৰ্ষপূতী উপলক্ষে অহা ৩০ মে’ৰ পৰা ৩০ জুনলৈকে দেশজুৰি মাহজোৰা মহাসম্পৰ্ক অভিযান কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱা হয়। 

সভাপতি ভৱেশ কলিতাই উল্লেখ কৰা অনুসৰি এই অভিযান প্ৰতিটো লোকসভা, বিধানসভা সমষ্টিৰ তথা মণ্ডল পৰ্যায়লৈ চলিব। এই বৈঠকত ১লাখ  লোকক স্পৰ্শ কৰাৰ লক্ষ্যৰে আৰম্ভ হবলগীয়া অভিযানত দলৰ সকলো মন্ত্ৰী-বিধায়ক, সাংসদ, বিষয়ববীয়া সকলে  অংশগ্ৰহণ কৰিব।  মনকৰিবলগীয়া যে বিজেপিৰ নেতৃত্বৰ উপস্থিতিত দলত ৩৯খন সাংগঠনিক জিলা সভাপতি আৰু জিলা প্ৰভাৰীসকলক লৈ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও দলৰ কাৰ্যকৰ্তাসকলক উদ্দেশ্যি সাংগঠনিক দিশৰ ওপৰত বক্তব্য ৰাখে। 

Leave a Reply

Your email address will not be published. Required fields are marked *