চাকৰিৰ নামত ধন লৈছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই, এই অভিযোগ উত্থাপন কৰিছে এগৰাকী যুৱতীয়ে

Share

১৩ ছেপ্তম্বৰ, নিউজ ডেস্কঃ ৰাজ্যিক বিজেপিৰ সভাপতি তথা  ৰঙিয়া বিধানসভা সমষ্টিৰ বিধায়ক ভৱেশ কলিতাৰ ওপৰত ধন লোৱা অভিযোগ উত্থাপন হৈছে। চৰকাৰী চাকৰিৰ নামত ধন বিচাৰিছিল ভৱেশ কলিতাই। শেহতীয়াকৈ জয়া কলিতা নামৰ এগৰাকী যুৱতীয়ে এই অভিযোগ উত্থাপন কৰিছিল। 

এই যুৱতীগৰাকীৰ বিৰুদ্ধে বিজেপিৰ নেতাজনে ইতিমধ্যে ৰঙিয়া সদৰ থানাত এক গোচৰ ৰুজু কৰিছে। এই অভিযোগ সন্দৰ্ভত ভৱেশ কলিতাই সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় য়ে যুৱতীগৰাকীক তেখেতে চিনি পায় আৰু যুৱতীগৰাকীয়ে যোৱা বছৰ AGP ৰ পৰা ৱাৰ্ড কাউঞ্চিলাৰ খেলিছিল কিন্তু নিৰ্বাচনত পৰাজিত হোৱাৰ পিছতেই বিধায়কক চাই ল’ম বুলি পোষ্ট কৰিছিল বুলি ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে কয়। 

Leave a Reply

Your email address will not be published. Required fields are marked *