আজি ৰাজ্য চৰকাৰৰ উদ্যোগত খানাপাৰাৰ প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ বৈঠক।বৈঠকত অংশগ্ৰহণ কৰে মন্ত্ৰী পীযুষ হাজৰিকা আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুয়ে।
অসমৰ জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে বিষয়টোক লৈ দীৰ্ঘদিনৰ পৰা হৈ অহা বিতৰ্ক আঁতৰাবলৈ এই বিশেষ বৈঠকখন অনুষ্ঠিত হয়।এই বৈঠকত অংশ লয় সদৌ অসম টাই আহোম ছাত্ৰ সন্থা,টাই আহোম পৰিষদকে ধৰি আহোমসকলৰ বিভিন্ন সংগঠনৰ লগতে সদৌ অসম ট্ৰাইবেল সংঘ আৰু জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে।
বৈঠকত আহোম জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিয়া বিষয়টোৰ ওপৰত আলোচনা কৰাৰ লগতে সংগঠনসমূহে নিজৰ মত প্ৰদান কৰাৰ লগতে ওজৰ-আপত্তিসমূহো আলোচনা কৰা হয়।মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আলোচনাৰ মাধ্যমেৰে বিষয়টোৰ সমাধান উলিওৱাৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব দিছে আৰু এই লক্ষ্যৰে আজিৰ বৈঠক অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিছিল।