কেদাৰনাথ ধামত ফ’টোগ্ৰাফী আৰু ভিডিঅ’ গ্ৰাফীৰ ওপৰত আৰোপ কৰিলে বিশেষ নিষেধাজ্ঞা

Share

কেদাৰনাথ ধামৰ কৰ্তৃপক্ষই মন্দিৰৰ চৌহদৰ ভিতৰত ফ’টোগ্ৰাফী আৰু ভিডিঅ’ গ্ৰাফীৰ ওপৰত আৰোপ কৰিলে বিশেষ নিষেধাজ্ঞা । এতিয়াৰ পৰা কেদাৰনাথ ধামত ফ’টো তোলা আৰু ভিডিঅ’ বনেৱাৰ পৰা বিৰত থাকিব লাগিব দৰ্শনাৰ্থীসকলে । সমগ্ৰ মন্দিৰটোত ইতিমধ্যে সতৰ্কবাণী দিয়া লগতে দৰ্শনাৰ্থীসকলকো সকীয়াই দিয়া হৈছে । উল্লেখ্য যে কেদাৰনাথ ধামৰ সমিতিৰ নিৰ্দেশনাক আওকাণ কৰি কোনো ব্যক্তিয়ে যদি মন্দিৰ দৰ্শন কৰা সময়ত ফ’টো আৰু ভিডিঅ’ কৰিলে  আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ইতিমধ্যে কেদাৰনাথ ধামৰ চৌহদত মন্দিৰৰ সমিতিয়ে বিভিন্ন ঠাইত বৰ্ড লগাই মোবাইল ফোন লৈ মন্দিৰ চৌহদত প্ৰৱেশ কৰিব  নোৱাৰিব বুলি সকীয়াই দিয়া হৈছে   ।

শেহতীয়াকৈ মন্দিৰ সন্মখত প্ৰেমিকক প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ এগৰাকী মহিলাৰ ব্লগাৰৰ ভিডিঅ  ভাইৰেল হোৱাৰ পিছতে মন্দিৰৰ কৰ্তৃপক্ষই এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হৈ পৰিছে।

ইয়াৰ উপৰিও মন্দিৰ কৰ্তৃপক্ষই দৰ্শনাৰ্থীয়ে মান্য কাপোৰ পৰিধান কৰি মন্দিৰৰ চৌহদত তম্বু বা শিবিৰ স্থাপন কৰাৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশনা জাৰি কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *