বিভিন্ন অভিযোগ দাখিলৰ বাবে অসম আৰক্ষীয়ে লৈছে এক বিশেষ ব্যৱস্থা। সকলো জিলা আৰু ৰাজ্যিক মুখ্য কাৰ্যলয়ৰ নিৰ্ধাৰিত বিষয়া সকলৰ ওচৰত দাখিল কৰিব পাৰে অভিযোগ। ২০২৩ চনৰ ১৩ ফেব্ৰুৱাৰীৰ পৰা এই ব্যৱস্থা কাৰ্যকৰী কৰা হৈছে। ৰাতিপুৱা ১১.৩০ বজাৰ পৰা ১.৩০ বজালৈ অভিযোগ দাখিলৰ সময় সীমা নিৰ্ধাৰিত কৰা হৈছে।
ৰাইজৰ সেৱা তথা সুবিধাৰ্থে শেহতিয়াকৈ আৰম্ভ হৈছে অসম আৰক্ষীৰ বিশেষ অভিযোগ নিৰাময় ব্যৱস্থা। এতিয়াহে যেন অসম আৰক্ষীৰ “জনহিত জনসেৱাৰ্থে” বাক্য শাৰীৰ কাৰ্যকৰী কৰা হৈছে।
এই কথা সদৰি কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জে পি সিঙে।