জলজীৱন মিচনৰ নিম্নমানৰ কাম কৰা ঠিকাদাৰৰ বাবে দুঃখবৰ

Share

জলজীৱন মিচনত নিম্নমানৰ কাম কৰা নাইবা কাম সম্পূৰ্ণ নকৰা ঠিকাদাৰে নাপাব টকা। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই স্পষ্ট কৰিলে এই কথা। খোৱাপানী যোগানৰ বাবে কেন্দ্রীয় চৰকাৰৰ অভিলাষী আঁচনি জলজীৱন মিছনত কাম কৰা একাংশ ঠিকাদাৰৰ বিৰুদ্ধে কঠোৰ স্থিতি মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ। আনহাতে, জলজীৱন মিছন আঁচনিৰ কাম বন্ধ হৈ থকাৰ প্ৰসংগত তেওঁ কয়, “আঁচনিৰ কাম বন্ধ হৈ পৰা নাই । কেৱল পুনৰীক্ষণৰ কাম কৰি থকা হৈছে । আই আই টি মাদ্ৰাজ আৰু টিজ গুৱাহাটীয়ে আঁচনিসমূহ পুনৰীক্ষণ কৰিছে । তেওঁলোকৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি ঠিকাদাৰে পইচা পাব ।”

উল্লেখ্য যে দুদিন পূৰ্বে লখিমপুৰ সমষ্টিৰ বিধায়ক মানৱ ডেকাৰ ভাতৃ কল্যাণ ডেকাই ঘৰতে আত্মহত্যা কৰে । যাৰ বাবে মঙলবাৰে সন্ধ্যা মন্ত্রী জয়ন্তমল্ল বৰুৱাই বিধায়কগৰাকীৰ শোকসন্তপ্ত পৰিয়ালটোক সমবেদনা জনাবলৈ তেওঁৰ ঘৰত উপস্থিত হয় ।

এই সন্দৰ্ভত তেওঁ সংবাদ মাধ্যমৰ আগত কয়, “কোনেও নিবিচৰা ঘটনা এটা ঘটি গ’ল । প্ৰয়াত কল্যাণ ডেকাক ছাত্র ৰাজনীতিৰ সময়তে ঘনিষ্ঠভাৱে পাইছিলোঁ ।” তেওঁৰ বিয়োগত শোক প্রকাশ কৰি মন্ত্রী জয়ন্তমল্ল বৰুৱাই বিধায়ক ডেকাৰ পৰিয়ালটিলৈ সমবেদনা জ্ঞাপন কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *