অসমত পুনৰ বৃদ্ধি সুৰাৰ দাম। শুক্ৰবাৰে আবকাৰী বিভাগৰ ৰাজপত্ৰিত অধিসূচনাৰ জৰিয়তে সুৰাৰ দাম বৃদ্ধিৰ কথা ঘোষণা কৰাৰ লগতে অসম আবকাৰী অধিনিয়ম (সংশোধিত) ২০২৩ প্ৰকাশ কৰিছে । উক্ত অধিসূচনা প্ৰকাশৰ পিছতে সকলো বেণ্ডৰ বিলাতী সুৰাৰ দাম বৃদ্ধি হোৱাৰ পথ মুকলি হৈ পৰিল। এই অধিসূচনা অনুসৰি সকলো বিলাতী সুৰাৰ মূল্য ৪ শতাংশৰ পৰা ২৫ শতাংশ পৰ্যন্ত বৃদ্ধি পাইছে। সেই অনুসৰি ৩৩০ টকাৰ ৭৫০ মিলিলিটাৰৰ সাধাৰণ ব্ৰেণ্ডৰ ৰামক ১০০ টকাকৈ, ৩১০ টকাৰ ৭৫০ মিলিলিটাৰৰ হুইস্কি, জিন, ব্ৰেণ্ডিৰ ৰেগুলাৰ ব্ৰেণ্ডত ১২১ টকাকৈ বৃদ্ধি পাইছে।
তাৰোপৰি, এতিয়াৰে পৰা নিশা ১১ বজাতো বিপনীসমূহত উপলব্ধ হব সুৰা। ৰাজ্যখনত যিটো সময়ত সুৰাৰ প্ৰচলনে প্ৰজন্মৰ পাছত প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিছে আৰু যি সুৰাই হাজাৰ হাজাৰ যুৱকৰ প্ৰাণ কাঢ়িছে, সেই সময়ত সুৰাৰ প্ৰচলন আৰু অধিক কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এক হঠকাৰী সিদ্ধান্ত। সেই অনুসৰি শ্বপিং মলৰ সুৰাৰ বিপনীসমূহ ১১ বজালৈ খোলা থাকিব।