শীঘ্ৰেই উত্তৰকাশীত আৱদ্ধ হৈ থকা দুই অসমীয়াই দেখিব মুকলি আকাশ

Share
উত্তৰাখণ্ডৰ  উত্তৰকাশীস্থিত ছিলকিয়াৰা সুৰংগ দুৰ্ঘটনাত আৱদ্ধ ৪১ জন শ্ৰমিকক স্থানান্তৰ কৰিবলৈ উদ্ধাৰ অভিযান  এতিয়াও অব্য়াহত হৈ আছে । আজি সন্ধিয়াৰ ভিতৰত শ্ৰমিকসকলক স্থানান্তৰ কৰাৰ আশংকাৰ কথা ব্যক্ত কৰিলে প্ৰধানমন্ত্ৰী কাৰ্য্যালয়ৰ  প্ৰাক্তন উপদেষ্টা ভাস্কৰ খুলবেই । উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামীয়ে এক্স যোগে প্ৰকাশ কৰা অনুযায়ী হাইদৰাবাদৰ পৰা অৰ্ডাৰ কৰি অনা হৈছে অত্যাধুনিক প্লাজমা কাটাৰ মেচিন।   অওগাৰ মেচনৰ ব্লেডেৰে পাহাৰৰ শীল কাটিব নোৱাৰাত প্ৰয়োজন হৈছে প্লাজমা কাটাৰ মেচিনৰ ।
বৃহস্পতি বাৰৰ পৰা নিৰন্তৰ বাবে চলি থকা অওগাৰ মেচনৰ ড্ৰিলিং সম্পূৰ্ণ হোৱাৰ পিছত, এনডিআৰএফে আৱদ্ধ হৈ থকা ৪১ জন শ্ৰমিক সকলক উলিয়াই আনিবলৈ সক্ষম হব।  এনডিআৰএফে ইতিমধ্যে সুৰংগৰ মোহনাত সম্পন্ন কৰিছে এক মক ড্ৰিলৰ । ইয়াৰ উপৰি উলম্বকৈ ড্ৰিলিং কৰিব পৰা মেচিন বোৰো ভাৰতৰ বিভিন্ন ঠাইৰ পৰা আনি সুৰংগৰ কাষত সংস্থাপন কৰা হৈছে । উল্লেখযোগ্য যে ৪১ জন শ্ৰমিকৰ ভিতৰত দুজন শ্ৰমিক অসমৰ ।

Leave a Reply

Your email address will not be published. Required fields are marked *