শিশুক অগ্ৰাধিকাৰ নিদিলে সমাজ আগবাঢ়িব নোৱাৰেঃ মুখ্যমন্ত্ৰী

Share

নিউজ ডেস্ক, ১৬ আগষ্টঃ ১৪ আগষ্টত  মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় পলাশবাৰী সমষ্টিৰ বঙৰাত। এহেজাৰটা অংগনবাড়ী কেন্দ্ৰ আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। মুখ্যমন্ত্ৰী গৰাকীয়ে সোণালী শৈশৱ বিকশিত , সংকল্পৰ পৰা সিদ্ধিলৈ আৰু লগতে অসম আঁচনিৰ অধীনত এই এহেজাৰটা অংগনবাড়ী কেন্দ্ৰ মুকলি কৰে। এই কেন্দ্ৰসমূহ ভাৰ্চুৱেল প্ৰক্ৰিয়াৰে মুকলি কৰা হয়। দেওবাৰে পলাশবাৰী সমষ্টিৰ অন্তৰ্গত বঙৰাৰ কৈটাসিদ্ধিৰ আদৰ্শ অংগনবাড়ী কেন্দ্ৰটো মুকলি  কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। এই কেন্দ্ৰটো মুকলি কৰি আনন্দত উৎফুল্লিত হৈ পৰে মুখ্যমন্ত্ৰী গৰাকী। উল্লেখ্য যে এই অংগনবাড়ী কেন্দ্ৰটো ২৫ লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে।

পলাশবাৰীৰ বহুমুখী বিদ্যালয়ৰ খেলপথাৰ আৰু আৰ বি হাইস্কুলৰ খেলপথাৰত অনুষ্ঠিত হোৱা সভাত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, “যি সমাজে শিশুক অগ্ৰাধিকাৰ দিব নাজানে,সেই সমাজখন আগবাঢ়িব নোৱাৰে। এই অংগনবাড়ী কেন্দ্ৰসমূহ আদৰ্শ হলেহে আমি শিশুসকলক আদৰ্শ মানুহ হিচাপে গঢ়িব পাৰিম। চিকিৎসালয় নিৰ্মাণ কৰিলে যিমান আনন্দ পাওঁ,তাতকৈ বেছি আনন্দ পাইছো আজি বঙৰাৰ কৈটাসিদ্ধি অংগনবাড়ী কেন্দ্ৰটো মুকলি কৰি। স্বাধীনতাৰ ৭৫ টা বৰ্ষত বহুত কাম হৈছে , কিন্তু এতিয়াও বাকী আছে। ” 

উল্লেখ্য যে উক্ত সভাখনত ভৱেশ কলিতা , চন্দ্ৰমোহন পাটোৱাৰী , ফণীন্দ্ৰ নাথ শৰ্মা, কুইন ওজা, হেমাংগ ঠাকুৰীয়া উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *