অসম-অৰুণাচল সীমান্তত প্রচণ্ড সংঘৰ্ষ , আহত হয় ৬জন

Share

ডিজিটেল ডেস্কঃ অসম আৰু অৰুণাচল সীমান্তত সংঘটিত হয় প্রচণ্ড সংঘৰ্ষ । প্রচণ্ড সংঘৰ্ষৰ ফলত আহত হয় ৬ জনকৈ লোক । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জনোৱা তথ্য অনুসৰি দেওবাৰে দুৰ্বত্তৰ এটা দলে অৰুণাচল প্রদেশ সীমান্তৰ গাতে লাগি থকা অসমৰ লখিমপুৰ জিলাত গাওঁ ৰক্ষা বাহিনীৰ ওপৰত প্রচুৰভাৱে আক্রমণ কৰে ।

আক্রমণত ৬ জনকৈ কৰ্মী গুৰুতৰভাৱে আহত হয় । মঙলবাৰে এই তথ্য প্রদান কৰিছিল আৰক্ষীয়ে । এই ঘটনাক লৈ সৰৱ হৈ পৰাৰ লগত তীব্র বিৰোধীতাৰে মঙলবাৰে পুৱা অৰুণাচল প্রদেশলৈ যোৱা এটা পথ অৱৰোধ কৰি সদৌ অসম ছাত্র সন্থাৰ স্থানীয় গোটটোৱে উত্তেজনাৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *