বছৰৰ শেষত আৰম্ভ হ’ব ছিক্স-জি টেলিকম নেটৱৰ্ক

Share

ভাৰতৰ প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে ভাৰতৰ প্ৰথম ফাইভ-জি টেষ্টবে’ড উদ্ধোধন কৰে। ভাৰতৰ দূৰসংযোগ নিয়ামক প্ৰাধিকাৰী (ট্ৰাই) ৰ ৰূপালী জয়ন্তী উৎসৱত প্ৰধানমন্ত্ৰীয়ে কয় যে “ফাইভ-জি টেষ্টবে’ড হৈছে গুৰুত্বপূৰ্ণ আৰু আধুনিক প্ৰযুক্তিৰ দিশত আত্মনিৰ্ভৰশীলতাৰ এটা খোজ। লগতে নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰে যে ভাৰতত শীঘ্ৰে ছিক্স-জি টেলিকম নেটৱৰ্ক আৰম্ভ কৰিব যিয়ে অতি উচ্চ গতিৰ ইণ্টাৰনেট সংযোগ প্ৰদান কৰিব।

ফাইভ-জি সেৱায়ে কেৱল ইণ্টাৰনেটৰ গতি বৃদ্ধি কৰায়ে নহয, উন্নয়ন আৰু চাকৰি সৃষ্টিৰ গতিও বৃদ্ধি কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে কয় আৰু লগতে তেওঁ কয় যে ফাইভ-জি প্ৰযুক্তিয়ে দেশৰ শাসন, জীৱন ধাৰণৰ সহজতা আৰু ব্যৱসায় কৰাৰ  সহজতাৰ  ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তন আনিব। লগতে ই কৃষি, স্বাস্থ্য, শিক্ষা, আন্তঃগাঁথনি আৰু লজিষ্টিকৰ বিকাশ বৃদ্ধি কৰিব। 

Leave a Reply

Your email address will not be published. Required fields are marked *